লক্ষ্ণৌ, ০৩ জুন (হি.স.)। বহুজন সমাজ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভানেত্ৰী মায়াৱতীয়ে মুজাফ্ফৰপুৰত এগৰাকী দলিত নাবালিকাক ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ বিহাৰ চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই ৰাজ্যখনৰ আইন-শৃংখলাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
মঙলবাৰে বিএছপিৰ মুৰব্বী মায়াৱতীয়ে ইনষ্টাগ্ৰামত নিজৰ পোষ্টত কয় যে বিহাৰৰ মুজাফ্ফৰপুৰ জিলাত এগৰাকী দলিত নাবালকক ধৰ্ষণ কৰি ছুৰীৰে আঘাত কৰা হৈছে। পিছত আহত কিশোৰীগৰাকীক পাটনা চিকিৎসালয়ত গাফিলতিৰে চিকিৎসা কৰা হয়, যাৰ বাবেই তেওঁৰ মৃত্যু হয়। এই শেহতীয়া ঘটনাই ৰাজ্যৰ দুৰ্বল আইন আৰু স্বাস্থ্য ব্যৱস্থাৰ জীৱন্ত প্ৰমাণ, যিটো অতি নিন্দনীয় আৰু চিন্তনীয়।
তেওঁ এই প্ৰশ্ন উত্থাপন কৰিলে যে বিহাৰ কেতিয়া সলনি হ’ব? বিহাৰ চৰকাৰে সকলো দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰি ভুক্তভোগীৰ পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছে বিএছপি মুৰব্বীগৰাকীয়ে। যাতে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিব পৰা যায়। চৰকাৰে ভুক্তভোগীৰ পৰিয়ালক সকলো প্ৰকাৰে সহায় কৰাও বিছাৰিছে মায়াৱতীয়ে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া