নিৰ্বাচন আয়োগে আৰম্ভ কৰিলে প্ৰযুক্তিভিত্তিক ‘ইণ্ডেক্স কাৰ্ড’ ব্যৱস্থা
নতুন দিল্লী, ০৫ জুন (হি.স.)। নিৰ্বাচনৰ পিছৰ প্ৰতিবেদন প্ৰক্ৰিয়াক দ্ৰুত আৰু কাৰ্যক্ষম কৰি তোলাৰ বাবে নিৰ্বাচন আয়োগে প্ৰযুক্তিভিত্তিক ‘ইণ্ডেক্স কাৰ্ড’ ব্যৱস্থা আৰম্ভ কৰিছে। এই ব্যৱস্থা মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অধ্যক্ষতাত আৰু নিৰ্বাচন আয়
নিৰ্বাচন আয়োগ


নতুন দিল্লী, ০৫ জুন (হি.স.)। নিৰ্বাচনৰ পিছৰ প্ৰতিবেদন প্ৰক্ৰিয়াক দ্ৰুত আৰু কাৰ্যক্ষম কৰি তোলাৰ বাবে নিৰ্বাচন আয়োগে প্ৰযুক্তিভিত্তিক ‘ইণ্ডেক্স কাৰ্ড’ ব্যৱস্থা আৰম্ভ কৰিছে। এই ব্যৱস্থা মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অধ্যক্ষতাত আৰু নিৰ্বাচন আয়ুক্ত ড০ সুখবীৰ সিং সন্ধু আৰু ড০ বিবেক যোশীৰ তত্বাৱধানত ৰূপায়ণ কৰা হৈছে।

এই ব্যৱস্থাৰ অধীনত নিৰ্বাচনৰ ফলাফলৰ সৈতে জড়িত তথ্য স্বয়ংক্ৰিয়ভাৱে সংকলন কৰা হয় আৰু ক্ৰমে লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ সৈতে জড়িত ৩৫ আৰু ১৪টা পৰিসংখ্যা প্ৰতিবেদন প্ৰস্তুত কৰা হয়। এই প্ৰতিবেদনসমূহত প্ৰাৰ্থী, ভোটাৰ, ভোটদানৰ শতাংশ, দলভিত্তিক প্ৰদৰ্শন, মহিলা ভোটাৰৰ অংশগ্ৰহণ, আঞ্চলিক পাৰ্থক্য আৰু বিজয়ী প্ৰাৰ্থীৰ বিষয়ে তথ্য আদি বিভিন্ন মাত্ৰা সন্নিবিষ্ট কৰা হৈছে।

ইয়াৰ পূৰ্বে এই কামটো হাতেৰে ভৰোৱা ভৌতিক ‘ইণ্ডেক্স কাৰ্ড’ৰ জৰিয়তে কৰা হৈছিল, যাৰ ফলত ৰিপ’ৰ্ট কৰাত পলম হৈছিল। এতিয়া এই প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে ডিজিটেল আৰু তথ্য সংহতি ভিত্তিক, যাৰ বাবে তথ্য দ্ৰুতভাৱে উপলব্ধ। এই ব্যৱস্থা গৱেষক, সাংবাদিক আৰু নীতি নিৰ্ধাৰকসকলৰ বাবে এক শক্তিশালী সম্পদ। কিন্তু এই প্ৰতিবেদনসমূহ কেৱল গৱেষণা আৰু শৈক্ষিক উদ্দেশ্যৰ বাবেহে আৰু চূড়ান্ত প্ৰামাণিক পৰিসংখ্যাক ৰিটাৰ্ণিং বিষয়াসকলে ৰক্ষণাবেক্ষণ কৰা বিধিগত নথি হিচাপে গণ্য কৰা হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande