দেশত অতি ধুমধামেৰে উদযাপন কৰা হৈছে বকৰিদ উৎসৱ
নতুন দিল্লী, ০৭ জুন (হি.স.)। আজি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে বকৰিদ উৎসৱ। বকৰিদৰ বহু নাম আছে। ইয়াৰ ভিতৰত ঈদ-উল-আজহা বিশিষ্ট। দেশৰ প্ৰধান মছজিদসমূহত বকৰিদ নামাজ পঢ়াৰ লগতে শান্তি আৰু সমৃদ্ধিৰ বাবে নামাজ আদায় কৰা হৈছে। এই উৎসৱক ত্যাগ আৰু মানৱতাৰ প্ৰতী
दिल्ली के जामा मस्जिद में हजारों लोगों ने बकरीद की नमाज अदा की। फोटो-फाइल


নতুন দিল্লী, ০৭ জুন (হি.স.)। আজি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে বকৰিদ উৎসৱ। বকৰিদৰ বহু নাম আছে। ইয়াৰ ভিতৰত ঈদ-উল-আজহা বিশিষ্ট। দেশৰ প্ৰধান মছজিদসমূহত বকৰিদ নামাজ পঢ়াৰ লগতে শান্তি আৰু সমৃদ্ধিৰ বাবে নামাজ আদায় কৰা হৈছে। এই উৎসৱক ত্যাগ আৰু মানৱতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ইছলামত ইয়াক ‘বলিদানৰ উৎসৱ’ বুলি বৰ্ণনা কৰা হৈছে।

দিল্লীৰ প্ৰায় সকলো সৰু-ডাঙৰ মছজিদতে নামাজ পঢ়াৰ লগতে ঈদ-উল-আজহা অতি আড়ম্বৰেৰে উদযাপন কৰা হয়। পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি হাজাৰ হাজাৰ লোকে জামা মছজিদ পালেহি। মুছলমান প্ৰধান পুৰণি দিল্লীত সূৰ্য্যৰ প্ৰথম ৰশ্মি ওলোৱাৰ লগে লগে জামা মছজিদৰ চোতালখন নামাজ পঢ়াৰ বাবে ভৰি পৰিল। প্ৰাৰ্থনা কৰাৰ অন্তত ৰাইজে শান্তি আৰু সদিচ্ছাৰ কামনাৰে শুভেচ্ছা আদান-প্ৰদান কৰে।

আজিৰ দিনটোত মানুহে দান-বৰঙণি কৰে আৰু আনুষ্ঠানিকভাৱে পশু বলি দিয়ে। জামা মছজিদৰ আশে-পাশে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, মুম্বাই আৰু শ্ৰীনগৰত, অসমতো লোকে বকৰিদৰ নামাজ আদায় কৰে। পুৱাৰ প্ৰাৰ্থনাৰ পিছত সমগ্ৰ দেশতে আৰম্ভ হ’ব বলিদান প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়া ৯ জুনলৈকে চলি থাকিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande