ছত্তীশগড়ৰ বিজাপুৰত আৰু পাঁচজন নক্সালবাদী নিহত, এই পৰ্যন্ত উদ্ধাৰ হৈছে ৭ জন নক্সালবাদীৰ মৃতদেহ
বিজাপুৰ, ০৭ জুন (হি.স.)। ছত্তীশগড় জিলাৰ বিজাপুৰৰ ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ অৰণ্যত একেৰাহে তৃতীয় দিন অব্যাহত আছে নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত মুখামুখি সংঘৰ্ষ। শনিবাৰে নক্সাল বিৰোধী অভিযানত নিয়োজিত নিৰাপত্তা বাহিনীয়ে আৰু পাঁচজন নক্সালবাদীক
গৌতম ওৰফে সুধাকৰ আৰু ভাস্কৰ ওৰফে মাইলাৰাপু আদেলু


বিজাপুৰ, ০৭ জুন (হি.স.)। ছত্তীশগড় জিলাৰ বিজাপুৰৰ ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ অৰণ্যত একেৰাহে তৃতীয় দিন অব্যাহত আছে নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত মুখামুখি সংঘৰ্ষ। শনিবাৰে নক্সাল বিৰোধী অভিযানত নিয়োজিত নিৰাপত্তা বাহিনীয়ে আৰু পাঁচজন নক্সালবাদীক নিহত কৰাৰ বিপৰীতে তেওঁলোকৰ মৃতদেহৰ সৈতে স্বয়ংক্ৰিয় অস্ত্ৰ-শস্ত্ৰ আৰু গুলীও উদ্ধাৰ কৰা হৈছে। এই অভিযানত এতিয়ালৈকে দুজন শীৰ্ষ নক্সাল কেডাৰ গৌতম ওৰফে সুধাকৰ আৰু ভাস্কৰ ওৰফে মাইলাৰাপু আদ্দেল্লুকে ধৰি মুঠ ৭ জন নক্সালবাদী নিহত হৈছে।

বস্তৰৰ আই জি সুন্দৰৰাজ পি.য়ে এই কথা নিশ্চিত কৰি কয় যে বিজাপুৰ জিলাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলত চলি থকা নক্সাল বিৰোধী অভিযানৰ সময়ত ৫, ৬ আৰু ৭ জুনত বিভিন্ন এনকাউণ্টাৰৰ অন্তত মুঠ সাতজন নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অস্ত্ৰ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰৰ সৈতে জড়িত একত্ৰিত তথ্য লাভ কৰাৰ লগে লগে বিশদ আপডেট শ্বেয়াৰ কৰা হ’ব।

উল্লেখযোগ্য যে বিজাপুৰৰ ৰাষ্ট্ৰীয় উদ্যান এলেকাত নক্সাল বিৰোধী অভিযানত নিৰাপত্তা বাহিনীয়ে ৫ জুনত এক কোটি টকাৰ পুৰস্কাৰ কঢ়িয়াই ফুৰা কেন্দ্ৰীয় সমিতিৰ সদস্য গৌতম ওৰফে সুধাকৰ আৰু ৪৫ লাখ টকাৰ পুৰস্কাৰ কঢ়িয়াই ফুৰা ভাস্কৰক ৬ জুনত ধৰাশায়ী কৰিছিল। ইয়াৰ উপৰিও আজি জুনত এই অভিযানত আন ৫ জন নক্সালবাদীকো হত্যা কৰা হৈছে ৭) নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰা পাঁচটা অচিনাক্ত নক্সালবাদী মৃতদেহৰ পৰিচয় নিৰ্ণয় কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। ঘটনাস্থলীৰ পৰা মৃতদেহৰ লগতে দুটা এ কে ৪৭ ৰাইফলৰ লগতে অন্যান্য বিস্ফোৰক, অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰা হৈছে।

এই অভিযানৰ সময়ত সাপৰ কামোৰ, মৌমাখিৰ দংশন, পানীলগা আৰু অভিযান সম্পৰ্কীয় অন্যান্য কাৰণত নিৰাপত্তা বাহিনীৰ একাংশ লোক আহত হৈছে। তেওঁলোকক প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমান সকলোৰে অৱস্থা স্বাভাৱিক আৰু বিপদৰ বাহিৰত। চাৰিওফালৰ বনাঞ্চলত অনুসন্ধান অভিযান চলি আছে, যাতে বাকী থকা আন নক্সালবাদী কেডাৰসকলক বিচাৰি উলিয়াব পৰা যায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande