বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ চৌহদত বৃক্ষৰোপণ
নতুন দিল্লী, ০৫ জুন (হি.স.)। বিশ্ব পৰিবেশ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নতুন দিল্লীৰ চৌহদত বৃক্ষৰোপণ অভিযান আৰম্ভ কৰে। এই উপলক্ষে এন জি টিৰ অধ্যক্ষ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱৰ নেতৃত্বত ন্যায়াধিকৰণৰ সদস্যসকলৰ উপস্থিতিত এই পদক্ষেপ গ্ৰহ
এন জি টি চৌহদত গছপুলি ৰোপণ কৰিছে অধ্যক্ষ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱে


নতুন দিল্লী, ০৫ জুন (হি.স.)। বিশ্ব পৰিবেশ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নতুন দিল্লীৰ চৌহদত বৃক্ষৰোপণ অভিযান আৰম্ভ কৰে।

এই উপলক্ষে এন জি টিৰ অধ্যক্ষ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱৰ নেতৃত্বত ন্যায়াধিকৰণৰ সদস্যসকলৰ উপস্থিতিত এই পদক্ষেপ গ্ৰহণ কৰে।

এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে প্লাষ্টিক প্ৰদূষণৰ অন্ত পেলোৱা। এই উপলক্ষে প্লাষ্টিকৰ আৱৰ্জনাসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সামূহিকভাৱে বিশ্বব্যাপী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে। এই উপলক্ষে ন্যায়াধীশ শ্ৰীবাস্তৱে তেওঁৰ ভাষণত পৰিৱেশগত দায়বদ্ধতাক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত ন্যায়িক আৰু প্ৰতিষ্ঠানিক নেতৃত্বৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এন জি টিৰ বৃক্ষৰোপণ অভিযানে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম পদ্ধতিৰ প্ৰতি দায়বদ্ধতাক পুনৰ দৃঢ় কৰে। এই কাৰ্যসূচীত ন্যায়াধিকৰণ চৌহদত বিভিন্ন ধৰণৰ থলুৱা উদ্ভিদ ৰোপণ কৰা হৈছিল, যিবোৰ সেউজ ভৱিষ্যতৰ বাবে আশা আৰু সহজ কাৰ্য্যৰ প্ৰতীক আছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande