চিকিৎসালয়ৰ চৌহদত চিকিৎসা প্ৰতিনিধিয়ে নাপাব অনুমতি, সঞ্চালকালয়ৰ চিকিৎসালয়সমূহলৈ পত্ৰ
নতুন দিল্লী, ০৩ জুন (হি স)। এতিয়া কেন্দ্রীয় চৰকাৰী চিকিৎসালয়ত চিকিৎসা প্রতিনিধিক পোনপটীয়াকৈ চিকিৎসকক লগ কৰিবলৈ দিয়া নহ’ব৷ স্বাস্থ্য সেৱা সঞ্চালকালয়ে কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসালয়সমূহলৈ এখন পত্ৰ লিখি চিকিৎসালয়ৰ চৌহদত চিকিৎসা প্ৰতিনিধিক অনুমতি নি
স্বাস্থ্য সেৱা সঞ্চালকালয় (ডিজিএইচএছ)


নতুন দিল্লী, ০৩ জুন (হি স)। এতিয়া কেন্দ্রীয় চৰকাৰী চিকিৎসালয়ত চিকিৎসা প্রতিনিধিক পোনপটীয়াকৈ চিকিৎসকক লগ কৰিবলৈ দিয়া নহ’ব৷ স্বাস্থ্য সেৱা সঞ্চালকালয়ে কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসালয়সমূহলৈ এখন পত্ৰ লিখি চিকিৎসালয়ৰ চৌহদত চিকিৎসা প্ৰতিনিধিক অনুমতি নিদিবলৈ অনুৰোধ জনাইছে। ইয়াৰ উদ্দেশ্য হৈছে ঔষধ কোম্পানী আৰু চিকিৎসা পেছাদাৰীসকলৰ মাজৰ সম্পৰ্ক ৰোধ কৰাৰ লগতে ৰোগীক দীৰ্ঘদিনীয়া অপেক্ষাৰ পৰা ৰক্ষা কৰা। প্ৰায়ে দেখা যায় যে ফাৰ্মাৰ প্ৰতিনিধিয়ে চিকিৎসকৰ লগত বহু সময় কথা পাতে, যাৰ ফলত কামত প্ৰভাৱ পৰে আৰু বহু সময়ত ৰোগীয়ে বহু সময় অপেক্ষা কৰিবলগীয়া হয়।

২৮ মে’ত স্বাস্থ্য সেৱা সঞ্চালকালয়ে (ডিজিএইচএছ) সকলো চৰকাৰী চিকিৎসালয়ক নিৰ্দেশ দি চিকিৎসা প্ৰতিনিধিৰ প্ৰৱেশ নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিছে। পত্ৰখনত কোৱা হৈছে যে যদি ফাৰ্মাচিউটিকেল কোম্পানীয়ে নতুন চিকিৎসা বা চিকিৎসা গৱেষণাৰ তথ্য ভাগ-বতৰা কৰিব বিচাৰে তেন্তে ইমেইল বা অন্যান্য ডিজিটেল মাধ্যমৰ জৰিয়তে কৰিব লাগিব। ২৮ মে’ত জাৰি কৰা নিৰ্দেশত চৰকাৰী চিকিৎসা প্ৰতিষ্ঠানৰ মুৰব্বীসকলক নতুন নীতি মানি চলাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande