ইন্দোনেছিয়া ওপেন: মালভিকা বানছোড় প্ৰথম ৰাউণ্ডত ৰিটায়ৰ
নতুন দিল্লী, ০৩ জুন (হি.স.)। ইণ্ডোনেছিয়া অ’পেন ২০২৫ৰ ৩২ ৰাউণ্ডত মঙলবাৰে স্থানীয় খেলুৱৈ পুত্ৰী কুছুমা ৱাৰ্ডানীৰ বিৰুদ্ধে খেলৰ মাজভাগত আঘাতৰ বাবে ভাৰতীয় শ্বাটলাৰ মালভিকা বানছোড়ে অৱসৰ ল’বলগীয়া হৈছিল। ২১-১৬, ১৬-১৫ত আগবাঢ়ি থকা বানছোড়ে আঁঠুত আঘাত প
भारतीय शटलर मालविका बंसोड़


নতুন দিল্লী, ০৩ জুন (হি.স.)। ইণ্ডোনেছিয়া অ’পেন ২০২৫ৰ ৩২ ৰাউণ্ডত মঙলবাৰে স্থানীয় খেলুৱৈ পুত্ৰী কুছুমা ৱাৰ্ডানীৰ বিৰুদ্ধে খেলৰ মাজভাগত আঘাতৰ বাবে ভাৰতীয় শ্বাটলাৰ মালভিকা বানছোড়ে অৱসৰ ল’বলগীয়া হৈছিল। ২১-১৬, ১৬-১৫ত আগবাঢ়ি থকা বানছোড়ে আঁঠুত আঘাত পাই ৫৪ মিনিট খেলৰ অন্তত মেচ এৰি থৈ যায়।

ভাৰতীয় বাওঁহাতৰ খেলুৱৈগৰাকীয়ে ক’ৰ্টৰ পিছফালৰ পৰা এটা শ্বট ঘূৰাই দিবলৈ চেষ্টা কৰি থকা অৱস্থাত বাওঁ ভৰিখন পিছলি পৰে আৰু বাগৰি পৰে। বিষত বাওঁ আঁঠুটো ধৰি থকা দেখা গৈছিল। চিকিৎসাৰ সহায় বিচাৰি উভতি আহিবলৈ চেষ্টা কৰিলেও ক’ৰ্টত আগবাঢ়ি যোৱাৰ সময়ত বহুত বিষ অনুভৱ কৰাৰ বাবে আগবাঢ়িব নোৱাৰিলে।

থাইলেণ্ড অ’পেন, মালয়েছিয়া অ’পেন আৰু অল ইংলেণ্ড অ’পেনত এই ছিজনত তিনিবাৰকৈ ১৬ ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা ২৩ বছৰীয়া মালভিকাই এইবাৰ কোনো প্ৰতিযোগিতাতে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব পৰা নাই।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande