-এয়াৰ ইণ্ডিয়াই ২১ জুনৰ পৰা ১৫ জুলাইৰ ভিতৰত প্ৰতি সপ্তাহত ৩৮খন আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা হ্ৰাস কৰিব
নতুন দিল্লী, ২০ জুন (হি স)। টাটা গ্ৰুপ নেতৃত্বাধীন এয়াৰ ইণ্ডিয়াই শুকুৰবাৰে পুনৰবাৰ বাতিল কৰিলে ৮খন বিমান। চেন্নাইৰ পৰা ডুবাইলৈ, দিল্লীৰ পৰা মেলবৰ্ণলৈ, হায়দৰাবাদৰ পৰা মুম্বাইলৈ আৰু আহমেদাবাদৰ পৰা দিল্লীলৈ একেলগে ৮খন আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিমান সেৱা বাতিল কৰিছে বিমান সংস্থাটোৱে। আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে বিমান কোম্পানীটোৱে।
এয়াৰ ইণ্ডিয়াই জনোৱা মতে, ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ কাৰণত এই সকলোবোৰ বিমান বাতিল কৰা হৈছে। যোৱা ১২ জুনত আহমেদাবাদত বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা অসুবিধাৰ সন্মুখীন হোৱা বিমান কোম্পানীটোৱে ২১ জুনৰ পৰা ১৫ জুলাইৰ ভিতৰত প্ৰতি সপ্তাহত ৩৮খন আন্তঃৰাষ্ট্ৰীয় বিমান কৰ্তন কৰাৰ বিপৰীতে তিনিটা আন্তঃৰাষ্ট্ৰীয় পথত বিমান সেৱা সাময়িকভাৱে বন্ধ কৰি দিছে। ১৮টা আন্তঃৰাষ্ট্ৰীয় পথত বিমান সেৱাৰ এই হ্ৰাসৰ লক্ষ্য হৈছে সূচীত স্থিতিশীলতা পুনৰ ঘূৰাই অনা আৰু যাত্ৰীসকলৰ শেষ মুহূৰ্তত হোৱা অসুবিধা হ্ৰাস কৰাৰ লক্ষ্যৰে। বিমান সংস্থাটোৱে কয় যে ডি জি চি এৰ নিৰ্দেশত বিমানৰ পূৰ্বে সুৰক্ষা পৰীক্ষাৰ বাবে বিমান সেৱা কৰ্তন কৰা হৈছে। এই পৰ্যন্ত ৩৩খন বয়িং ৭৮৭ বিমানৰ ভিতৰত ২৬খন বিমানৰ পৰিদৰ্শন সম্পূৰ্ণ হৈছে। এয়াৰ ইণ্ডিয়াই নিজৰ বয়িং ৭৭৭ বিমানসমূহো পৰীক্ষা কৰিব।
এদিন পূৰ্বে কৰা এই ঘোষণাৰ পিছতে বিমান সংস্থাটোৰ এই বিশদ ঘোষণা কৰা হৈছে, য’ত এয়াৰ ইণ্ডিয়াই বৃহৎ যাত্ৰীবাহী বিমানেৰে পৰিচালিত বিমান সেৱা ১৫ শতাংশ সাময়িকভাৱে হ্ৰাস কৰাৰ কথা কৈছিল। বিমান সংস্থাটোৱে এক বিবৃতিত স্পষ্ট কৰি দিয়ে যে এই হ্ৰাস ২১ জুনৰ পৰা কাৰ্যকৰী হ’ব আৰু কমেও ২০২৫ চনৰ ১৫ জুলাইলৈকে চলিব।
বিমান সংস্থাটোৱে জনোৱা মতে, দিল্লী-নাইৰোবি, অমৃতসৰ-লণ্ডন (গেটৱিক) আৰু গোৱা (মোপা)-লণ্ডন (গেটৱিক)ৰ সেৱা অহা ১৫ জুলাইলৈকে বন্ধ থাকিব।বৰ্তমান দিল্লী-নাইৰোবি পথত প্ৰতি সপ্তাহত চাৰিখন বিমান সেৱা চলি থকাৰ বিপৰীতে অমৃতসৰ-লণ্ডন (গেটৱিক) আৰু গোৱা (মোপা)-লণ্ডন (গেটৱিক) পথত প্ৰতি সপ্তাহত তিনিখন বিমান সেৱা চলি আছে।
ইয়াৰ উপৰিও উত্তৰ আমেৰিকা, ইউৰোপ, অষ্ট্ৰেলিয়া আৰু সুদূৰ পূবৰ প্ৰধান চহৰসমূহ সংযোগ কৰা ১৮টা আন্তঃৰাষ্ট্ৰীয় পথতো বিমান সেৱাৰ সংখ্যা হ্ৰাস কৰা হ’ব। উত্তৰ আমেৰিকাৰ যিবোৰ গুৰুত্বপূৰ্ণ পথত বিমান সেৱা হ্ৰাস কৰা হ’ব, সেইবোৰ হ’ল দিল্লী-টৰণ্টো, দিল্লী-ভেংকুভাৰ, দিল্লী-ছান ফ্ৰান্সিস্কো, দিল্লী-চিকাগো আৰু দিল্লী-ৱাশ্বিংটন।
এয়াৰ ইণ্ডিয়াই জুলাই মাহৰ মাজভাগৰ পিছত পুনৰ সম্পূৰ্ণ কাৰ্যক্ষমতালৈ ঘূৰি অহাৰ আশা কৰা বুলি জানিবলৈ দিয়ে আৰু ডিজিচিএ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া