চুকমা, ০২ জুন (হি.স.)। ছত্তীশগড়ৰ চুকমাত সোমবাৰে পিএলজিএ বেটেলিয়নৰ দুজন দুৰ্ধৰ্ষ নক্সালবাদীকে ধৰি অন্যান্য সংমণ্ডলত সক্ৰিয় মুঠ ১৬জন নক্সালবাদীয়ে আৰক্ষী আৰু চিআৰপিএফৰ বিষয়াৰ সন্মুখত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণ কৰা নক্সালসকলৰ ওপৰত ছত্তীশগড় চৰকাৰে মুঠ ২৫ লাখ পুৰস্কাৰ ঘোষণা কৰিছিল।
আত্মসমৰ্পণৰ কথা নিশ্চিত কৰি সুকমা জিলা আৰক্ষী অধীক্ষক কিৰণ চৌহানে কয় যে আত্মসমৰ্পণ কৰা নক্সালবাদীসকলক “চত্তীশগড় নক্সালবাদী আত্মসমৰ্পণ পুনৰ্বাসন নীতি -২০২৫”ৰ অধীনত প্ৰৰোচনা আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰা হ’ব।
ছত্তীশগড় চৰকাৰৰ “ছত্তীশগড় নক্সালবাদী আত্মসমৰ্পণ পুনৰ্বাসন নীতি” আৰু “নিয়াদ নেল্লা নৰ” আঁচনিৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ লগতে অতি স্পৰ্শকাতৰ অভ্যন্তৰীণ অঞ্চলত অবিৰতভাৱে শিবিৰ স্থাপনৰ বাবেই নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। এই খণ্ডত নক্সাল সংগঠনত সক্ৰিয় এগৰাকী মহিলাকে ধৰি ১৬ গৰাকী নক্সালবাদীয়ে আজি চুকমা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সমাজৰ মূলসুঁতিত যোগদান কৰাৰ লক্ষ্যৰে অস্ত্ৰ অবিহনে আত্মসমৰ্পণ কৰে।
আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে পুনৰ্বাসন নীতি-২০২৫ৰ অধীনত প্ৰতিজন আত্মসমৰ্পণ কৰা নক্সালবাদীক ৫০ হাজাৰ টকাকৈ প্ৰৰোচনা আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰা হ’ব।
এই উপলক্ষে এছ পি কিৰণ চাৱন, চি আৰ পি এফ ছেকেণ্ড কমাণ্ড অফিচাৰ সুৰেশ সিং পয়াল নক্সাল অপ্ছৰ অতিৰিক্ত এছ পি উমেশ প্ৰসাদ গুপ্তা, অতিৰিক্ত এছ পি অভিষেক ভাৰ্মা, নক্সাল অপ্ছৰ অতিৰিক্ত এছ পি মনীষ ৰাত্ৰে উপস্থিত থাকে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া