অংশীদাৰ দেশসমূহৰ মাজত ভাৰতৰ বাৰ্তা অভিযানক লৈ শংকিত পাকিস্তান, কয়- ই আঞ্চলিক অস্থিৰতাৰ উৎস নহয়
ইছলামাবাদ, ০২ জুন (হি.স.)। ভণ্ডামিৰ বাবে বিশ্বত মুখা খোল খাই পৰা পাকিস্তান আজিকালি অস্থিৰ হৈ পৰিছে। ভাৰতৰ সংসদীয় আৰু সৰ্বদলীয় প্ৰতিনিধি দলৰ অংশীদাৰ দেশ ভ্ৰমণে ভাৰতক টোপনি নোহোৱা কৰি তুলিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত অংশীদাৰ দেশসমূহে ভাৰতৰ প্ৰতি
इस्लामाबाद में पाकिस्तान के विदेश मंत्रालय का मुख्यालय इसी भवन में है।


ইছলামাবাদ, ০২ জুন (হি.স.)। ভণ্ডামিৰ বাবে বিশ্বত মুখা খোল খাই পৰা পাকিস্তান আজিকালি অস্থিৰ হৈ পৰিছে। ভাৰতৰ সংসদীয় আৰু সৰ্বদলীয় প্ৰতিনিধি দলৰ অংশীদাৰ দেশ ভ্ৰমণে ভাৰতক টোপনি নোহোৱা কৰি তুলিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত অংশীদাৰ দেশসমূহে ভাৰতৰ প্ৰতি যিদৰে দায়বদ্ধতা পুনৰাবৃত্তি কৰিছে, সেইটোৱে পাকিস্তানৰ মিছা কথাৰ ভেটি কঁপাই তুলিছে। পাকিস্তানে নিজৰ স্পষ্টীকৰণত কয় যে আঞ্চলিক অস্থিৰতাৰ উৎস তেওঁলোক নহয়।

দুনিয়া নিউজৰ মতে, পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই স্থানীয় সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত কয় যে পাকিস্তানক আঞ্চলিক অস্থিৰতাৰ উৎস হিচাপে চিত্ৰিত কৰাটো ভিত্তিহীন। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ আৰু কাশ্মীৰী জনসাধাৰণৰ আকাংক্ষা অনুসৰি কাশ্মীৰ সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ পোষকতা কৰি আহিছে পাকিস্তানে ধাৰাবাহিকভাৱে।

মুখপাত্ৰগৰাকীয়ে শান্তি আৰু গঠনমূলক সংযোগৰ প্ৰতি পাকিস্তানৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে। তেওঁ আন্তৰ্জাতিক সমাজক এই অঞ্চলৰ বিবাদ শান্তিপূৰ্ণ সমাধানৰ প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ আহ্বান জনায়। দ্য নেশ্যনেল কাকতে প্ৰকাশ কৰা অনুসৰি বেলুচিস্তানৰ জনজাতীয় বয়োজ্যেষ্ঠসকলৰ গ্ৰেণ্ড জিৰগাই সৰ্বসন্মতিক্ৰমে পাকিস্তান চৰকাৰ আৰু সশস্ত্ৰ বাহিনীৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিয়াৰ সংকল্প গ্ৰহণ কৰিছে।

দেওবাৰে কুৱেটাত অনুষ্ঠিত এই জিৰগাত উপস্থিত থাকে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল চৈয়দ অসীম মুনিৰে। জনজাতীয় নেতৃত্বৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে বেলুচিস্তানৰ উদীয়মান নিৰাপত্তা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ এই জিৰগা আয়োজন কৰা হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande