বিৰাট কোহলীৰ বেংগালুৰু পাবত নাই ‘নো স্মোকিং জ’ন’, গোচৰ ৰুজু
বেংগালুৰু, ০২ জুন (হি স)। ক্ৰিকেটাৰ বিৰাট কোহলীৰ বেংগালুৰুৰ ‘দ্য ৱান৮ কমিউন’ পাব আৰু ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। কোহলীৰ পাব আৰু ৰেষ্টুৰেণ্টত ধূমপান নিষিদ্ধ জ’ন নথকাৰ বাবে মহানগৰীৰ কাবন পাৰ্ক থানাত এই এফআইআৰ ৰুজু হৈছে। এই বিষয়ত ক্ৰিকেটাৰগৰা
Virat pub


বেংগালুৰু, ০২ জুন (হি স)। ক্ৰিকেটাৰ বিৰাট কোহলীৰ বেংগালুৰুৰ ‘দ্য ৱান৮ কমিউন’ পাব আৰু ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। কোহলীৰ পাব আৰু ৰেষ্টুৰেণ্টত ধূমপান নিষিদ্ধ জ’ন নথকাৰ বাবে মহানগৰীৰ কাবন পাৰ্ক থানাত এই এফআইআৰ ৰুজু হৈছে। এই বিষয়ত ক্ৰিকেটাৰগৰাকী বা ৰেষ্টুৰেণ্টখনে এতিয়ালৈকে কোনো বিবৃতি প্ৰকাশ কৰা নাই।

দৰাচলতে দেওবাৰে গভীৰ নিশা বেংগালুৰুৰ কাবন পাৰ্ক পুলিচে বিৰাট কোহলীৰ মালিকানাধীন ‘দ্য ৱান৮ কমিউন’ পাব আৰু ৰেষ্টুৰেণ্টকে ধৰি এক বিশেষ অভিযানৰ সময়ত মুঠ ৫টা বাৰ আৰু ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষীয়ে এই পাবত ‘নো স্মোকিং জ’ন’ নাই বুলি জানিব পাৰিছে, গতিকে চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী আইন (কোটপা–COTPA)ৰ বিধান উলংঘা কৰাৰ বাবে নিজাববীয়াকৈ গোচৰ ৰুজু কৰা হৈছে।

ইয়াৰ পূৰ্বে ২০২৪ চনৰ জুলাই মাহত নিৰ্দিষ্ট সময়ৰ বাহিৰত চলি থকা পাবটোৰ বাবে গোচৰ ৰুজু হৈছিল। সেই সময়ত টহলদাৰী আৰক্ষীৰ দলটোৱে ‘দ্য ৱান৮ কমিউন’ পাবখন গভীৰ নিশালৈকে খোলা থকাৰ অভিযোগ লাভ কৰিছিল। পুলিচৰ দলটোৱে পুৱা ১:২০ বজাত পাবত উপস্থিত হোৱাত দেখা গ’ল যে সেই সময়তো পাবটোৱে গ্ৰাহকক সেৱা আগবঢ়াই আছিল, যাৰ ভিত্তিত এফআইআৰ পঞ্জীয়ন কৰা হৈছিল। ২০২৪ চনৰ ডিচেম্বৰ মাহত ব্ৰুহাট বেংগালুৰু মহানগৰ পালিকে (বি বি এম পি)য়ে অগ্নিনিৰ্বাপক পত্ৰ নথকাৰ বাবে এই পাবলৈ জাননী জাৰি কৰিছিল।

বিৰাট কোহলীৰ মালিকানাধীন 'ৱান৮ কমিউন'ৰ শাখা দিল্লী, মুম্বাই, পুনে, বেংগালুৰু, কলকাতা, গুৰুগ্ৰাম আদি চহৰত আছে। এই ৰেষ্টুৰেণ্টখন ২০২৩ চনৰ ডিচেম্বৰ মাহত বেংগালুৰুত মুকলি কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande