বাংলাদেশত জামাত-এ-ইছলামীয়ে পুনৰ মৰ্যদাৰ বাবে নিৰ্বাচন আয়োগৰ কাষ চাপিছে
ঢাকা, ০২ জুন (হি.স.)। পাকিস্তানৰ আগশাৰীৰ ৰাজনৈতিক দল জামাত-ই-ইছলামীয়ে আজি দলটোৰ পঞ্জীয়ন আৰু নিৰ্বাচনী প্ৰতীক পুনৰুদ্ধাৰৰ বাবে নিৰ্বাচন আয়োগৰ দুৱাৰত টোকৰ মাৰিলে। লগতে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ আপীল বিভাগৰ শেহতীয়া নিৰ্দেশৰ প্ৰতিলিপি আয়োগক প্ৰ
ढाका में आज जमात-ए-इस्लामी के प्रतिनिधिमंडल ने मुख्य चुनाव आयुक्त से मुलाकात की।


ঢাকা, ০২ জুন (হি.স.)। পাকিস্তানৰ আগশাৰীৰ ৰাজনৈতিক দল জামাত-ই-ইছলামীয়ে আজি দলটোৰ পঞ্জীয়ন আৰু নিৰ্বাচনী প্ৰতীক পুনৰুদ্ধাৰৰ বাবে নিৰ্বাচন আয়োগৰ দুৱাৰত টোকৰ মাৰিলে। লগতে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ আপীল বিভাগৰ শেহতীয়া নিৰ্দেশৰ প্ৰতিলিপি আয়োগক প্ৰদান কৰে প্ৰতিনিধি দলটোৱে। আগৰগাঁৱৰ আয়োগৰ ভৱনৰ সন্মিলন কক্ষত নিশা ১২:১৫ বজাত প্ৰতিনিধি দল আৰু আয়োগৰ বিষয়াৰ বৈঠক অনুষ্ঠিত হয়। ইয়াৰ সময়ত মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম নাছিৰ উদ্দিনো উপস্থিত থাকে।

বাংলাদেশ ট্ৰিবিউন কাকতৰ বাতৰি অনুসৰি জামাতৰ ছয়জনীয়া প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল সহকাৰী সাধাৰণ সম্পাদক হামিদুৰ ৰহমান আজাদে। আন সদস্যসকলৰ ভিতৰত আছিল দলৰ নেতা অধিবক্তা আহছানুল মাহবুব জুবাইৰ, অধিবক্তা জাছিম উদ্দিন সৰকাৰ, অধিবক্তা মাটিউৰ ৰহমান আকন্দা, মুবাৰক হুছেইন আৰু অধিবক্তা মহম্মদ শিছিৰ মনিৰ। উচ্চতম ন্যায়ালয়ৰ আপীল বিভাগে জামাতৰ পঞ্জীয়ন অবৈধ বুলি ঘোষণা কৰি বাতিল কৰা ২০১৩ চনৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ বাতিল কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande