ফিফা বিশ্বকাপ ২০২৬ৰ কোৱালিফায়াৰঃ ডি ব্ৰুয়েনৰ জোৰত ৱেলছৰ বিৰুদ্ধে বেলজিয়ামৰ ৰোমাঞ্চকৰ জয়
ব্ৰাছেলছ, ১০ জুন (হি.স.)। শেষ মুহূৰ্তত কেভিন ডি ব্ৰুয়েনে গ’ল দি বেলজিয়ামক ৱেলছৰ বিৰুদ্ধে ৪-৩ গ’লত ৰোমাঞ্চকৰ জয় প্ৰদান কৰে। সোমবাৰে ফিফা বিশ্বকাপ ২০২৬ৰ কোৱালিফায়াৰ মেচখনত বেলজিয়ামে আগতীয়াকৈ অগ্ৰগতি হেৰুৱাইছিল যদিও ৮৮ মিনিটত ডি ব্ৰুইনৰ নিৰ্ণায়ক
गोल करने का बाद खुशी मनाते केविन डी ब्रून


ব্ৰাছেলছ, ১০ জুন (হি.স.)। শেষ মুহূৰ্তত কেভিন ডি ব্ৰুয়েনে গ’ল দি বেলজিয়ামক ৱেলছৰ বিৰুদ্ধে ৪-৩ গ’লত ৰোমাঞ্চকৰ জয় প্ৰদান কৰে। সোমবাৰে ফিফা বিশ্বকাপ ২০২৬ৰ কোৱালিফায়াৰ মেচখনত বেলজিয়ামে আগতীয়াকৈ অগ্ৰগতি হেৰুৱাইছিল যদিও ৮৮ মিনিটত ডি ব্ৰুইনৰ নিৰ্ণায়ক গ’লে আয়োজক দলটোক সকাহৰ হুমুনিয়াহ কাঢ়িবলৈ সক্ষম হয়।

প্ৰথমাৰ্ধৰ ভিতৰতে বেলজিয়ামে ৩-০ গ’লত শক্তিশালী অগ্ৰগতি লাভ কৰে। ১৫ মিনিটত ৰোমেলু লুকাকুৱে পেনাল্টিৰে একাউণ্ট মুকলি কৰে, তাৰ পিছতে ১৯ মিনিটত অধিনায়ক ইউৰি টিয়েলেমেন্স আৰু ২৭ মিনিটত জেৰেমি ডকুৱে।

অৱশ্যে ৱেলছে এক ডাঙৰ প্ৰত্যাৱৰ্তন ঘটালে। হাফ টাইমৰ ঠিক আগতে হেৰী উইলছনে পেনাল্টিৰ জৰিয়তে ৱেলছৰ একাউণ্ট খুলি দিয়ে। ইয়াৰ পিছত দ্বিতীয়াৰ্ধত ছ’ৰবা থমাছ আৰু ব্ৰেনান জনছনে গ’ল দি স্ক’ৰ ৩-৩ কৰে।

মেচখনত দুটা পেনাল্টি, এটা গ’ল বাতিল কৰা, আৰু কেইবাটাও দীঘলীয়া ভিএআৰৰ হস্তক্ষেপকে ধৰি কেইবাটাও বিতৰ্কিত মুহূৰ্ত দেখা গৈছিল যিয়ে এনকাউণ্টাৰখনক আৰু অধিক উত্তেজিত কৰি তুলিছিল। অৱশেষত ৮৮ মিনিটত কেভিন ডি ব্ৰুয়েনে গ’ল দি বেলজিয়ামক তিনিটা গুৰুত্বপূৰ্ণ পইণ্ট প্ৰদান কৰি দলটোৰ অৰ্হতাৰ সম্ভাৱনা শক্তিশালী কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande