অমিত শ্বাহৰ কলকাতাত কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ নতুন ভৱন উদ্বোধন
কলকাতা, ০১ জুন (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে কলকাতাৰ নিউ টাউনত কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ (চিএফএছএল) নতুন ভৱন উদ্বোধন কৰে। এই উপলক্ষে তেওঁ কয় যে এই অত্যাধুনিক সুবিধাই কেৱল পশ্চিমবংগতে নহয় সমগ্ৰ উত্তৰ-পূব ভাৰতত অপৰাধ
अमित शाह


কলকাতা, ০১ জুন (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে কলকাতাৰ নিউ টাউনত কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ (চিএফএছএল) নতুন ভৱন উদ্বোধন কৰে। এই উপলক্ষে তেওঁ কয় যে এই অত্যাধুনিক সুবিধাই কেৱল পশ্চিমবংগতে নহয় সমগ্ৰ উত্তৰ-পূব ভাৰতত অপৰাধমূলক ন্যায় ব্যৱস্থাক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

লক্ষণীয় যে কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ বিজ্ঞানসন্মতভাৱে অপৰাধৰ তদন্তত সহায় আগবঢ়োৱা দেশৰ অন্যতম আগশাৰীৰ প্ৰতিষ্ঠান। নিউ টাউনত অৱস্থিত নতুন ভৱনটো আৰম্ভ হোৱাৰ লগে লগে ডিজিটেল ফৰেনছিক, ডি এন এ পৰীক্ষা, আঙুলিৰ ছাপ বিশ্লেষণ আৰু অন্যান্য কাৰিকৰী বিশেষজ্ঞতাৰ সৈতে জড়িত সুবিধাসমূহ এতিয়া অধিক সুলভ হ’ব।

কেন্দ্রীয় চৰকাৰৰ এই প্রকল্পৰ উদ্দেশ্য ৰাজ্য তথা উত্তৰ-পূর্বাঞ্চল অঞ্চলৰ অপৰাধৰ দ্রুত আৰু বিজ্ঞানসন্মত নিৰাময় সুনিশ্চিত কৰা৷ ইয়াৰ দ্বাৰা ৰাজ্যৰ আৰক্ষী বাহিনী, কেন্দ্ৰীয় তদন্তকাৰী সংস্থা আৰু ন্যায়পালিকা উপকৃত হ’ব।

ইয়াৰ পূৰ্বে শনিবাৰে সন্ধিয়া দুদিনীয়া ভ্ৰমণসূচীৰে কলকাতাত উপস্থিত হয় কেন্দ্ৰীয় গৃহ আৰু সমবায় পৰিক্ৰমা মন্ত্ৰী অমিত শ্বাহে। বিমানবন্দৰত তেওঁক আদৰণি জনায় বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰ, বিৰোধী দলপতি শুভেন্দু অধিকাৰী, জ্যেষ্ঠ নেতা অগ্নিমিত্ৰ পল আৰু ৰাহুল সিনহাই।

ভ্ৰমণৰ দ্বিতীয় দিনা নেতাজী ইনড’ৰ ষ্টেডিয়ামত বিজেপি নেতা আৰু বিষয়াসকলক সম্বোধন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। সূত্ৰ অনুসৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অমিত শ্বাহৰ এই ভ্ৰমণ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande