গৌৰীপুৰত ভয়ংকৰ মাৰপিটৰ ঘটনা
গৌৰীপুৰত ভয়ংকৰ মাৰপিটৰ ঘটনা।
গৌৰীপুৰত ভয়ংকৰ মাৰপিটৰ ঘটনা


ধুবুৰী, ০৯ মে’ (হি.স.): গৌৰীপুৰত যোৱাকালি বৃহস্পতিবাৰে বিয়লি ভয়ংকৰ মাৰপিটৰ ঘটনা ঘটে। এই ঘটনাত আহত কেইবাজনো লোকক গৌৰীপুৰ চিকিৎসালয় আৰু ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে।

তৰ্ক বিতৰ্ক কৰি থকা অৱস্থাত অৱস্থাত ওলাই আহিল এটা গুণ্ডা বাহিনীৰ দল হাতে হাতে দা কঠাৰি, চোকা অস্ত্ৰৰে হানিখুচি হত্যাৰ চেষ্টা এটা নিৰহ পৰিয়ালক। এই ঘটনা সংঘটিত হৈছে গৌৰীপুৰ নাইদেৰ গাঁৱত । এয়া ভোট কেন্দ্ৰিক ঘটনা বুলি সন্দেহ কৰা গৈছে। ঘটনা সন্দৰ্ভত ভুক্ত ভুগিয়ে গৌৰীপুৰ আৰক্ষী থানাত মতিয়ৰ ৰহমান, বালিয়া, মফিদুল হক, মমিনুৰ হক, মিজানুৰ হক, ৰষ্টম আলী, আকতাৰ সেখ, হাসিনুৰ সেখ, ওছমান আলী, বজিয়াল সেখ, আক্কেল আলী, মনিচুৰ হক, কাদেৰ আলী, ৰাশিদুল, জাকিৰ হক, ছফীয়েল, ফজুল হক নামৰ লোক কেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande