অপাৰেশ্বন সিন্দুৰ, পহলগাম আক্ৰমণত প্ৰাণ আহুতি দিয়া আই এ এফ কৰ্পৰেল হাইলিয়াঙৰ পত্নীৰ আদৰণি
ইটানগৰ, ০৭ মে’ (হি.স.)। ভাৰতীয় সেনাই আৰম্ভ কৰা অপাৰেচন সিন্দুৰক আদৰণি জনাই পহলগাম হত্যাকাণ্ডত শ্বহীদ হোৱা ভাৰতীয় বায়ুসেনাৰ কৰ্পৰেল টাগে হাইলিয়াঙৰ পত্নী চাৰো কমহুয়া তাগে আজি সুখ প্ৰকাশ কৰে। অৰুণাচল প্ৰদেশৰ নিম্ন সোৱণশিৰি জিলাৰ জিৰোৰ বাসিন্দা কোম
पहलगाम आतंकी हमले में बलिदान भारतीय वायु सेना के कॉर्पोरल तागे हैल्यांग के चित्र के साथ उनकी चारो कोमहुआ तागे।


ইটানগৰ, ০৭ মে’ (হি.স.)। ভাৰতীয় সেনাই আৰম্ভ কৰা অপাৰেচন সিন্দুৰক আদৰণি জনাই পহলগাম হত্যাকাণ্ডত শ্বহীদ হোৱা ভাৰতীয় বায়ুসেনাৰ কৰ্পৰেল টাগে হাইলিয়াঙৰ পত্নী চাৰো কমহুয়া তাগে আজি সুখ প্ৰকাশ কৰে।

অৰুণাচল প্ৰদেশৰ নিম্ন সোৱণশিৰি জিলাৰ জিৰোৰ বাসিন্দা কোমহুৱাই কয় যে, আজি ভাৰতীয় সেনাবাহিনীয়ে ৯ টা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰাৰ খবৰ পাই মই অতি আনন্দিত অনুভৱ কৰিছো। তেওঁ ক’লে যে সন্ত্ৰাসবাদীয়ে আন বহু নিৰীহ লোকৰ লগতে মোৰ স্বামীকো নিৰ্মমভাৱে হত্যা কৰিছে।

কোমহুৱাই ক’লে যে আমি ইচ্ছা কৰিলে মোৰ স্বামী আৰু মই তাৰ পৰা পলাই গৈ আমাৰ জীৱন ৰক্ষা কৰিব পাৰিলোহেঁতেন, কিন্তু মোৰ স্বামী সৈনিক হোৱাৰ বাবে, নিজৰ জীৱনৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈ মানুহক বচাই থাকিল, এই সময়ছোৱাত সন্ত্ৰাসবাদীয়ে তেওঁক গুলীয়াই মোৰ সন্মুখতে হত্যা কৰিলে। এই কথা কওঁতে তেওঁৰ দুয়োটা চকু চকুলোৰে নিগৰি আহিছিল। ভবিষ্যতে পহলগামৰ দৰে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে ভাৰত চৰকাৰক সন্ত্ৰাসবাদীক শিপাই উফৰাই দিবলৈ আহ্বান জনায়।

একে সময়তে অৰুণাচল প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কিপা কাহাইও অপাৰেচন সিন্দুৰক আদৰণি জনাই কয় যে এই সময়ত আমি দেশ আৰু চৰকাৰৰ লগত আছো। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিৰোধী নেতা ৰাহুল গান্ধীৰ এই সিদ্ধান্তক প্ৰশংসা কৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অধিক কঠোৰ সিদ্ধান্ত লোৱা উচিত বুলি মন্তব্য কৰে। লগতে আমি পাকিস্তান শাসিত অঞ্চল পিঅকে ৰ পৰা আমাৰ মাটি ঘূৰাই লোৱা উচিত কাৰণ সেইখনো আমাৰ মাটি। এই সময়ত দেশৰ সকলো জনসাধাৰণ চৰকাৰৰ লগত আছে।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande