জম্মু বিস্ফোৰণৰ কেইঘণ্টামান পিছতে শ্ৰীনগৰতো এক বৃহৎ বিস্ফোৰণ
শ্ৰীনগৰ, ১০ মে’ (হি.স.)। পাকিস্তানে সংঘটিত কৰা জম্মু বিস্ফোৰণৰ কেইঘণ্টামানৰ পাছত শনিবাৰে পুৱা শ্ৰীনগৰতো ব্যাপক বিস্ফোৰণ সংঘটিত হয়। বিষয়াসকলে জনোৱা মতে, পুৱা প্ৰায় ১১.৪৫ বজাত শ্ৰীনগৰ বিমানবন্দৰৰ সমীপত দুটাকৈ জোৰকৈ বিস্ফোৰণৰ শব্দ শুনা যায়। এই বিস
জম্মু বিস্ফোৰণৰ কেইঘণ্টামান পিছতে শ্ৰীনগৰতো এক বৃহৎ বিস্ফোৰণ


শ্ৰীনগৰ, ১০ মে’ (হি.স.)। পাকিস্তানে সংঘটিত কৰা জম্মু বিস্ফোৰণৰ কেইঘণ্টামানৰ পাছত শনিবাৰে পুৱা শ্ৰীনগৰতো ব্যাপক বিস্ফোৰণ সংঘটিত হয়।

বিষয়াসকলে জনোৱা মতে, পুৱা প্ৰায় ১১.৪৫ বজাত শ্ৰীনগৰ বিমানবন্দৰৰ সমীপত দুটাকৈ জোৰকৈ বিস্ফোৰণৰ শব্দ শুনা যায়। এই বিস্ফোৰণৰ বাবেই ৰাইজৰ মাজত আতংক বিয়পি পৰে। তেওঁ কয় যে কিছুমান অঞ্চলত ছাইৰেনৰ শব্দও শুনা গৈছে।

শুকুৰবাৰে নিশা ভাৰতীয় সেনাই ইয়াৰ কেইবাটাও স্থানত পাকিস্তানী ড্ৰ’ন আক্ৰমণ বিফল কৰাৰ কেইঘণ্টামানৰ পিছতে আজি পুৱা একাধিক বিস্ফোৰণে চহৰখন কঁপাই তুলিছে। বিমানবন্দৰকে ধৰি গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ ওচৰত বিস্ফোৰণৰ শব্দ শুনা গ’ল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande