নতুন দিল্লী, ০৭ মে’ (হি.স.)। পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত সামৰিক কাৰ্য্যৰ অন্তত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে বিশ্বৰ বহু বিশিষ্ট নেতাৰ সৈতে কথা পাতি ভাৰতৰ স্থিতি স্পষ্ট কৰে। এই বাৰ্তালাপৰ উদ্দেশ্য আছিল সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ নিখুঁত আৰু নিৰ্ণায়ক পদক্ষেপৰ বিষয়ে অৱগত কৰা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখন শক্তিশালী কৰা। বিদেশ মন্ত্ৰীগৰাকীয়ে এক্স পোষ্টত বিশ্বৰ নেতাসকলৰ সৈতে হোৱা আলোচনা সন্দৰ্ভত তথ্য প্ৰদান কৰে।
ডাঃ জয়শংকৰে কাটাৰৰ প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী মহম্মদ বিন আব্দুলৰহমান বিন জাছিম বিন জাবেৰ আল থানীৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ ভাৰতৰ লক্ষ্য আৰু সুষম কাৰ্য্যৰ বিষয়ে অৱগত কৰি সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ বন্ধ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
জাপানৰ বৈদেশিক মন্ত্ৰী তাকেছি ইৱায়াৰ সৈতে হোৱা বাৰ্তালাপত ড০ জয়শংকৰে যোৱা ২২ এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ বাবে জাপানক ধন্যবাদ জনায়। এই আক্ৰমণৰ পিছত আজি পুৱা ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে তেওঁ তথ্য ভাগ-বতৰা কৰে।
ইয়াৰ উপৰিও ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰী জিন-নোৱেল বাৰো আৰু জাৰ্মানীৰ বৈদেশিক মন্ত্ৰী জোহান ৱেডেফুলৰ সৈতে হোৱা যৌথ টেলিফোনিক বাৰ্তালাপত ড০ জয়শংকৰে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত তেওঁলোকক দিয়া সমৰ্থনৰ বাবে ধন্যবাদ জনায় আৰু সন্ত্ৰাসবাদৰ প্ৰতি ‘শূন্য সহনশীলতা’ নীতিৰ বিষয়ে আলোচনা কৰে।
স্পেইনৰ বৈদেশিক মন্ত্ৰী জোচে মেনুৱেল আলবাৰেছৰ সৈতেও এক বাৰ্তালাপ অনুষ্ঠিত হয় য’ত ড০ জয়শংকৰে ভাৰতৰ দৃঢ় আৰু সুষম সামৰিক সঁহাৰিৰ ওপৰত আলোকপাত কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া