বিখ্যাত পাঞ্জাবী গায়ক মিলিন্দ গাবা যমজ সন্তানৰ পিতৃ হৈ পৰিছে। তেওঁৰ পত্নী ফেশ্বন ভ্লগাৰ প্ৰিয়া বেনিৱালে জন্ম দিছে যমজ সন্তান। শেহতীয়াকৈ মিলিন্দ আৰু প্ৰিয়াই তেওঁলোকৰ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে এই সুখৰ খবৰ ঘোষণা কৰিছিল, য’ত তেওঁলোকে লিখিছিল, “গাবাৰ কাহিনীত কোনো টুইষ্ট নাই, যমজ সন্তান আছে।”
এই পোষ্টটোত মিলিন্দ আৰু প্ৰিয়াই শ্বেয়াৰ কৰিছে এখন সুন্দৰ ছবি, য’ত দুটা কেঁচুৱাক নীলা আৰু গোলাপী ৰঙৰ কাপোৰেৰে মেৰিয়াই লোৱা দেখা গৈছে। প্ৰিয়াই এই ফটোখন পোষ্ট কৰি আৱেগিক কেপচন দিছে, কেতিয়াও নিজৰ বাবে একো বিচৰা নাছিলো, কিন্তু এতিয়া আৰু কি বিচাৰিম। আমি দুটা যাদুকৰী বস্তুৰ আশীৰ্বাদ পাইছো। জয় মাতা দি।
প্ৰিয়া আৰু মিলিন্দই এই সুখৰ খবৰটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগে লগে তেওঁলোকৰ অনুৰাগী আৰু মনোৰঞ্জন জগতৰ চেলিব্ৰিটিসকলে তেওঁলোকক অভিনন্দন আৰু শুভেচ্ছা জনায়। প্ৰিয়া-মিলিন্দৰ এই পোষ্টত কমেডিয়ান ভাৰতী সিং, গায়িকা তুলসী কুমাৰ আৰু অভিনেত্ৰী কিশ্বৰ মাৰ্চেণ্টৰ দৰে চেলিব্ৰিটিয়ে মন্তব্য কৰি অভিনন্দন জ্ঞাপন কৰিছে। উল্লেখ্য় যে ২০২২ চনৰ ১৬ এপ্ৰিলত প্ৰিয়া বেনিৱালৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মিলিন্দ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া