'মিষ্টাৰ পৰফেকশ্যনিষ্ট' আমিৰ খানে তেওঁৰ জীৱনৰ বাবে বেছি সময় শিৰোনামাত থাকে। এতিয়া ৬০ বছৰ বয়সত তেওঁ প্ৰেমত পৰিছে আৰু তেওঁ ৪৬ বছৰীয়া গৌৰী স্প্ৰেটৰ সৈতে ডেট কৰি আছে। দুবাৰকৈ বিচ্ছেদৰ পাছত এতিয়া তেওঁ গৌৰীৰ সৈতে আছে। তেওঁ সদ্য গৌৰীৰ বিষয়ে কথা কৈছে।
আমিৰ খানৰ এটা ষ্টেটমেণ্ট ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ আছে। এই সাক্ষাৎকাৰত আমিৰ খানয়ে কৈছিল, মই ভাবিছিলো যে মোৰ মা, ভাতৃ-ভগ্নী আৰু সন্তান আছে। এতিয়া মোৰ কোনো সংগীৰ প্ৰয়োজন নাই, কাৰণ মোৰ দ্বিতীয় সম্পৰ্কসমূহ যথেষ্ট শক্তিশালী। মই এতিয়াও পূৰ্বৰ পত্নী কিৰণ আৰু ৰীনাৰ সৈতে পানী ফাউণ্ডেশনৰ বাবে কাম কৰিছো। আমি সদায় এক পৰিয়াল হৈ ৰ’লো। তেওঁলোক দুয়ো মোৰ জীৱনৰ অবিচ্ছেদ্য অংশ। সেয়ে মই ভাবিছিলো যে এতিয়া মোৰ জীৱনত কোনো আহিব নোৱাৰে, কিন্তু মোক গৌৰীৰ ৰূপত এটা চমক পোৱা গৈছে।
গৌৰী সম্পর্কিত তেওঁ কৈছিল, গৌৰীক লগ পোৱাৰ আগতে, মই ভাবিছিলোঁ যে মই বাৰ্ধক্যলৈ প্ৰৱেশ কৰিছোঁ। মোৰ বয়সৰ এইকালত মোক কোনে লগ দিব। থেৰাপীয়ে সত্যৰূপে মোক এইটো বুজাবলৈ সহায় কৰিলে যে, প্ৰথমে মোক নিজকে ভালপোৱা প্ৰয়োজন। গৌৰী আৰু মই আকস্মিকভাৱে লগ পালোঁ, আমি একাত্ম হৈ গ’লোঁ আৰু বন্ধুত্ব কৰি প্ৰেমত পৰিলো।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া