মুক্তিৰ পূৰ্বে ‘হাউছফুল-৫’ আধিপত্য বিস্তাৰ, এডভান্স বুকিঙৰ পৰা বিপুল ধন উপাৰ্জন
যোৱা কেইদিনমানৰ পৰা বহু অভিনেতা ছবি ‘হাউছফুল-৫’ক লৈ মনোৰঞ্জন জগতত যথেষ্ট চৰ্চা চলিছে। জনপ্ৰিয় ফ্ৰেঞ্চাইজি হাউছফুল ২০১০ চনত আৰম্ভ হৈছিল। এই ফ্ৰেঞ্চাইজিৰ প্ৰথম ৪টা অংশ অতি জনপ্ৰিয় আছিল। ইয়াৰ পিছত এতিয়া দৰ্শকৰ মাজলৈ আহি আছে ‘হাউছফুল-৫’ ছবিখন। তৰুণ ম
हाउसफुल 5


যোৱা কেইদিনমানৰ পৰা বহু অভিনেতা ছবি ‘হাউছফুল-৫’ক লৈ মনোৰঞ্জন জগতত যথেষ্ট চৰ্চা চলিছে। জনপ্ৰিয় ফ্ৰেঞ্চাইজি হাউছফুল ২০১০ চনত আৰম্ভ হৈছিল। এই ফ্ৰেঞ্চাইজিৰ প্ৰথম ৪টা অংশ অতি জনপ্ৰিয় আছিল। ইয়াৰ পিছত এতিয়া দৰ্শকৰ মাজলৈ আহি আছে ‘হাউছফুল-৫’ ছবিখন। তৰুণ মানসুখানীৰ পৰিচালিত এই ছবিখন ৬ জুনত সকলোতে মুক্তি পাব।ইফালে মুক্তিৰ মাত্ৰ ৪ দিন পূৰ্বে বক্স অফিচত আধিপত্য বিস্তাৰ কৰিছে ছবিখনে। মুক্তিৰ পূৰ্বেও ছবিখনে অগ্ৰিম বুকিঙৰ পৰা বহু উপাৰ্জন কৰিছে।

‘হাউছফুল-৫’ মুক্তিৰ বাবে মাত্ৰ কেইটামান দিন বাকী থকাত ছবিখনে আগতীয়াকৈ বুকিং কৰাৰ সময়ত ভাল ভিৰ কৰিছে। হাউচফুল-৫ ছবিখনৰ আগতীয়া বুকিঙৰ প্ৰথম দিনাই ২৪,২৩৮ টা টিকট বিক্ৰী হয়, যাৰ ফলত ৮৭.৮৪ লাখ টকাৰ ব্যৱসায় হয়। ব্লক আসনকে ধৰি এই সংখ্যা ৩.৮৪ কোটি টকা হৈছেগৈ। গতিকে এই ছবিখনক লৈ অনুৰাগীৰ মনত কিমান কৌতুহলৰ সৃষ্টি হৈছে সেয়া স্পষ্ট হৈ পৰিছে।

‘হাউছফুল-৫’ ছবিখনৰ প্ৰযোজক সাজিদ নাদিয়াদৱালা আৰু পৰিচালনা তৰুণ মনছুখানীয়ে। এই ছবিখনৰ টিজাৰক চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যনে (চিবিএফচি) ‘ইউএ ১৬+’ ৰেটিং দিছে। এই ছবিখনত আছে শক্তিশালী তাৰকা অভিনেতা। ইয়াৰ ভিতৰত আছে অক্ষয় কুমাৰ, অভিষেক বচ্চন, জেকলিন ফাৰ্নাণ্ডেজ, সঞ্জয় দত্ত, নৰ্গিছ ফাখৰী, ফাৰ্দিন খান, নানা পাটেকাৰ, ৰিতেশ দেশমুখ, শ্ৰেয়াছ তালপাড়ে আৰু জেকী শ্ৰফ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande