হাউচফুল ৫ ইভেণ্টত বিপুল জনসমাগমৰ বাবে অক্ষয় কুমাৰৰ ধৈৰ্যচ্য়ুতি
‘হাউছফুল ৫’ ছবিখনক লৈ সকলোৱে উৎসাহিত হৈ পৰিছে। এই ছবিখন কেইদিনমানৰ পিছত মুক্তি পাবলৈ গৈ আছে। ‘হাউছফুল-৫’ৰ প্ৰচাৰ আৰম্ভ হৈছে। শেহতীয়াকৈ ছবিখনৰ সমগ্ৰ দলটোৱে প্ৰচাৰৰ বাবে পুনেৰ ছিজনছ মলত উপস্থিত হয়। এই অনুষ্ঠানত সমগ্ৰ তাৰকা অভিনেতাক চাবলৈ বিপুল জনসমাগ
हाउसफुल


‘হাউছফুল ৫’ ছবিখনক লৈ সকলোৱে উৎসাহিত হৈ পৰিছে। এই ছবিখন কেইদিনমানৰ পিছত মুক্তি পাবলৈ গৈ আছে। ‘হাউছফুল-৫’ৰ প্ৰচাৰ আৰম্ভ হৈছে। শেহতীয়াকৈ ছবিখনৰ সমগ্ৰ দলটোৱে প্ৰচাৰৰ বাবে পুনেৰ ছিজনছ মলত উপস্থিত হয়। এই অনুষ্ঠানত সমগ্ৰ তাৰকা অভিনেতাক চাবলৈ বিপুল জনসমাগম হয়। এইবাৰ ভিৰ ইমানেই বিপুল হৈ পৰিল যে মহিলাৰ চিঞৰ শুনি অক্ষয়ৰ ধৈৰ্যচ্য়ুতি হেৰাল।

পুনেৰ ছিজনছ মলত ‘হাউছফুল-৫’ৰ প্ৰচাৰ আৰম্ভ হোৱাৰ লগে লগে অভিনেতাসকলৰ আভাস পাবলৈ মলটোৰ আটাইকেইটা মহলা আৰু গেলেৰীলৈ ঢাপলি মেলিলে, যাৰ ফলত এক ষ্টেম্পেড সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। মহিলা আৰু শিশুৰ চিঞৰ শুনা গ’ল। সেয়ে অক্ষয় কুমাৰে লগে লগে মাইকত হাত জোৰ কৰি সকলো ৰাইজক শান্ত হৈ থাকিবলৈ আৰু ভিৰৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।

এই বিশাল জনসমাগমৰ মাজত একাংশ মহিলা-শিশুক কান্দি থকা দেখা গ’ল। মাক-দেউতাকৰ পৰা বিচ্ছিন্ন হৈ পৰিল কণমানি এজনী। সেই সময়ত সাৱধানতা অৱলম্বন কৰি জেকলিন ফাৰ্নাণ্ডেজ আৰু সোণম বাজৱাই ছোৱালীজনীক শান্ত কৰি পিতৃ-মাতৃৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰে। বৰ্তমান এই ভিডিঅ'টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এনে ধৰণৰ ঘটনাত ‘পুষ্পা-২’ৰ প্ৰিমিয়াৰৰ সময়ত হুলস্থুলীয়া পৰিৱেশত এগৰাকী মহিলাৰ মৃত্যু হোৱা কৰুণ কাণ্ডৰ স্মৃতি ঘূৰি আহিছে।

অহা মাহত মুক্তি পাব ‘হাউছফুল-৫’ ছবিখন। ছবিখনত অভিনয় কৰিছে অক্ষয় কুমাৰ, অভিষেক বচ্চন, ৰিতেশ দেশমুখ, জেকলিন ফাৰ্নাণ্ডেজ, সোণম বাজৱা, নৰ্গিছ ফাখৰী, সঞ্জয় দত্ত, জেকী শ্ৰফ, নানা পাটেকাৰ, চিত্ৰংগাদা সিং, ফাৰ্দিন খান, চাংকি পাণ্ডে, জনী লিভাৰ, শ্ৰেয়াছ তালপড়ে, ডিনো মৰেয়া, ৰঞ্জিত, সৌন্দৰ্য শৰ্মা, নিকিতিন ধীৰ আৰু আকাশদীপ ছাবিৰ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande