- প্ৰধানমন্ত্ৰী মোদীৰ ক্ষমতাশালী মহিলাৰ সৈতে মত বিনিময়
ভূপাল, ৩১ মে’ (হি.স.)। মধ্যপ্ৰদেশ ভ্ৰমণৰ বাবে শনিবাৰে ভূপালত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ লোকমাতা দেৱী অহিল্যাবাই হোলকাৰৰ ৩০০ সংখ্যক জন্ম জয়ন্তীত ইয়াৰ জাম্বোৰী খেলপথাৰত আয়োজিত মহিলা সৱলীকৰণ মহা সন্মিলনত অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে দেৱী অহিল্যাবাই হোলকাৰৰ ৩০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে মহিলা সৱলীকৰণ মহা সন্মিলনত লোকমাতা দেৱী অহিল্যবাইক কেন্দ্ৰ কৰি প্ৰদৰ্শনীখন পৰিদৰ্শন কৰে। এই উপলক্ষে ৰাজ্যপাল মংগুভাই পেটেল আৰু মুখ্যমন্ত্রী ড০ মোহন যাদৱো উপস্থিত থাকে ৷
সুশাসন, মহিলাৰ স্বাৱলম্বীতা, ধৰ্মীয় স্থানৰ উত্থানৰ বাবে লোকমাতা অহিল্য বাইৰ দ্বাৰা পৰিচালিত কাৰ্যসূচীসমূহ প্ৰদৰ্শনীৰ জৰিয়তে প্ৰদৰ্শন কৰা হয়। ইয়াৰ সমান্তৰালকৈ দেৱী অহিল্যাবাইৰ ওপৰত কেন্দ্ৰিত গ্ৰন্থ আৰু গৱেষণা পত্ৰও ইয়াত প্ৰদৰ্শিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে হস্ততাঁত আৰু হস্তশিল্পৰ প্ৰতি উৎসৰ্গিত মহিলা আৰু ড্ৰোন দিদীৰ সৈতে মত বিনিময় কৰে। ৰাজ্যত মহিলা সৱলীকৰণৰ বাবে চলি থকা কাম-কাজ, গ্ৰাম্য গৃহ নিৰ্মাণ আঁচনি, গ্ৰাম্য পৰ্যটন, কৃষি আদি ক্ষেত্ৰত মহিলাসকলে গ্ৰহণ কৰা পদক্ষেপ আৰু গ্ৰাম্য আৰু নগৰীয়া সংস্থাসমূহত মহিলাৰ প্ৰতিনিধিত্ব সম্পৰ্কেও তথ্য সংগ্ৰহ কৰে। এই প্ৰদৰ্শনীত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়ন, ধৰ্মীয় স্থানৰ উন্নয়ন, আৰু ৰাজ্যৰ অন্যান্য উন্নয়নমুখী উদ্ভাৱনৰ অধীনত চলি থকা কাম-কাজসমূহো পৰ্যবেক্ষণ কৰে।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এখন মুকলি জীপেৰে সভাস্থলীত উপস্থিত হয়। এই সময়ত তেওঁ মহিলাসকলক হাত জোৰ কৰি সম্ভাষণ জনায়। তেওঁৰ সৈতে মুখ্যমন্ত্ৰী ড০ মোহন যাদৱো উপস্থিত থাকে। হাতত ত্ৰিৰংগা লৈ মহিলাসকলে প্ৰধানমন্ত্ৰীক আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে অলপতে দেৱী অহিল্যাবাই মহিলা সৱলীকৰণ মহা সন্মিলনত ভাষণ দিব। মহিলা সবলীকৰণ সন্মিলনত সেন্দুৰীয়া ৰঙৰ শাৰী পৰিধান কৰি অংশগ্ৰহণ কৰে। সন্মিলনৰ মঞ্চত প্ৰধানমন্ত্ৰী মোডীক হোলকাৰ পৰিয়ালৰ পাগুৰি পিন্ধাই আদৰণি জনোৱা হয়। ইয়াৰ সমান্তৰালকৈ বেতুলৰ ধাতুৰ শিল্প আৰু মহেশ্বৰী শাৰীৰ বাঁটাও তেওঁক অৰ্পণ কৰা হয়।
মঞ্চত উপস্থিত হোৱাৰ পিছত প্রধানমন্ত্রীয়ে প্রথমে দেৱী অহিল্যাবাইৰ প্রতিমূর্তিত মালা পিন্ধাই আৰু পুষ্প প্রদর্শন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোডীক মঞ্চত হোলকৰ বংশৰ পাগুৰি পিন্ধাই দিলে। বিজেপিৰ ৰাজ্যিক সভাপতি শৰ্মাই ৰাজ্যিক সংগঠনৰ হৈ প্ৰধানমন্ত্ৰীক এখন স্মৃতিগ্ৰন্থ প্ৰদান কৰে। এই সময়ত মহেশ্বৰী শিল্পী মীনাক্ষীয়ে প্ৰধানমন্ত্ৰীক মহেশ্বৰৰ বিশেষ চাদৰ উপহাৰ দিয়ে। মহিলা শিপিনী আৰু ড্ৰোন দিদিৰ লগতো কথা পাতে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া