মুম্বাই, ৩১ মে’ (হি.স.)। মুম্বাই চিটি এফ চিয়ে নিশ্চিত কৰিছে যে ২০২৫ চনৰ ৩১ মে’ত ক্লাবৰ সৈতে উইংগাৰ বিপিন সিঙৰ চুক্তিৰ ম্যাদ উকলি গৈছে আৰু তেওঁ আৰু দলৰ অংশ নহ’ব। তেওঁৰ অমূল্য অৱদানৰ স্বীকৃতি স্বৰূপে ক্লাবটোৱে তেওঁৰ ২৯ নম্বৰ জাৰ্চি চিৰদিনৰ বাবে অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে। মণিপুৰৰ পৰা অহা বিপিন সিঙে শ্বিলং লাজং আৰু এ টি কেৰ দৰে ক্লাবত খেলাৰ অভিজ্ঞতা লাভ কৰি ২০১৮ চনত মুম্বাই চিটিত যোগদান কৰে। ইয়াৰ পিছত তেওঁ ক্লাবৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে পৰিগণিত হয়।
মুম্বাই চিটিৰ সৈতে থকা সময়ছোৱাত বিপিনে দুবাৰকৈ ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) কাপ আৰু দুবাৰকৈ লীগ শ্বিল্ড লাভ কৰে। ক্লাবৰ হৈ তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰদৰ্শন আগবঢ়ায়। ২০২০-২১ বৰ্ষৰ ঐতিহাসিক ছিজনত বিপিন সিং দলৰ এক গুৰুত্বপূৰ্ণ কগ আছিল যেতিয়া মুম্বাই চিটি এফ চি আই এছ এলৰ ইতিহাসত কাপ আৰু শ্বিল্ড দুয়োটা জয় কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছিল। ফাইনেলত এ টি কে মোহন বাগানৰ বিৰুদ্ধে তেওঁৰ বিজয়ী গ’লটো আই এছ এলৰ ইতিহাসৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তৰ ভিতৰত গণ্য কৰা হয়।
২০২৩–২৪ চনত বিপিনে দ্বিতীয়টো আই এছ এল কাপতো জয়লাভ কৰে। ফাইনেলত তেওঁ আন এক উজ্জ্বল গ’ল দি নিজৰ দলটোক জয়ৰ দিশত আগুৱাই লৈ যায়। ২০২২–২৩ চনত দলটোৰ লীগ শ্বিল্ড বিজয়ী দলৰ অংশও আছিল।
বিপিন সিঙে ১৫৮খন মেচত ২৮টা গ’ল দি মুম্বাই চিটি এফ চিৰ ইতিহাসত সৰ্বাধিক কেপিং খেলুৱৈ হিচাপে পৰিগণিত হয়।
আৱেগিক বিদায়ী বাৰ্তাত বিপিনে কয়, বিদায় দিয়াটো সহজ নহয় যদিও মই মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। যোৱা সাত বছৰ ধৰি মুম্বাই চিটি মোৰ ঘৰ আৰু এই ক্লাবে মোক সকলো দিছে। অনুৰাগী, সতীৰ্থ, কৰ্মচাৰী আৰু এই যাত্ৰাৰ অংশ হোৱা সকলোকে ধন্যবাদ। মুম্বাই চিটি মোৰ হৃদয়ত সদায় থাকিব।
মুম্বাই চিটিৰ চিইঅ’ কন্দৰ্প চন্দ্ৰই কয় যে বিপিনে মুম্বাই চিটিৰ সৈতে এক অতি বিশেষ যাত্ৰা কৰিছে।তেওঁ খেলপথাৰৰ ভিতৰত আৰু বাহিৰত গভীৰ প্ৰভাৱ পেলাইছে।ফেনবেছৰ সৈতে তেওঁৰ সংযোগ আৰু ক্লাবৰ প্ৰতি তেওঁৰ দায়বদ্ধতা অতুলনীয়। আমি তেওঁক ২৯ নম্বৰ জাৰ্চি অৱসৰ লৈ সন্মান জনাইছো আৰু তেওঁ সদায় মুম্বাই চিটি পৰিয়ালৰ অংশ হৈ থাকিব।”
মুম্বাই চিটিৰ ফুটবল সঞ্চালক সুজয় শৰ্মাই কয় যে, আমাৰ ক্লাবৰ কিছুমান ঐতিহাসিক মুহূৰ্তত বিপিনে এক শক্তিশালী স্তম্ভ হিচাপে কাম কৰি আহিছে। তেওঁৰ লক্ষ্য আৰু ইতিবাচক দলীয় মনোভাৱে দলটোক বহুবাৰ জয়ৰ দিশত আগুৱাই লৈ গৈছে। তেওঁৰ অৱদানৰ বাবে আমি কৃতজ্ঞ আৰু তেওঁ আৰু তেওঁৰ পৰিয়ালক তেওঁলোকৰ পৰৱৰ্তী অধ্যায়ৰ বাবে শুভকামনা জনাইছো।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া