–৩ জুনত আহমেদাবাদত অনুষ্ঠিত হ’ব খিতাপৰ মেচ, প্ৰথমবাৰৰ বাবে দুয়োটা দলে জয়ৰ বাবে যুঁজিব
নতুন দিল্লী, ০২ জুন (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ (আই পি এল ২০২৫)ত ৮ বছৰৰ পাছত নতুন চেম্পিয়ন লাভ কৰিবলৈ ওলাইছে। দেওবাৰে নিশা আহমেদাবাদত অনুষ্ঠিত হোৱা কোৱালিফায়াৰ-২ত মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি পঞ্জাব কিংছে ফাইনেলত প্ৰৱেশ কৰে। এতিয়া ৩ জুনত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত মেচত পঞ্জাবে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে খেলিব। বিশেষ কথাটো হ’ল আই পি এলৰ ইতিহাসত আৰ চি বি বা পঞ্জাৱৰ কোনো এটাই কেতিয়াও খিতাপ দখল কৰিব পৰা নাই। এনে পৰিস্থিতিত এইবাৰ ট্ৰফী নতুন দলৰ নামত হ’ব।
চতুৰ্থবাৰৰ বাবে ফাইনেল খেলিব আৰ চি বিয়ে, এতিয়ালৈকে তিনিবাৰ ৰানাৰ্ছ আপ হৈছে
এয়া হ’ব ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ চতুৰ্থ আই পি এলৰ ফাইনেল। ইয়াৰ পূৰ্বে ২০০৯, ২০১১ আৰু ২০১৬ চনত দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছিল যদিও তিনিওবাৰেই পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। ২০০৯ চনত ডেকান চাৰ্জাৰ্ছ, ২০১১ চনত চেন্নাই ছুপাৰ কিংছ আৰু ২০১৬ চনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত খিতাপ হেৰুৱাইছিল।
দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিলে পঞ্জাব কিংছ, ভাগ্য সলনি হ’ল
পঞ্জাব কিংছ (পূৰ্বৰ কিংছ একাদশ পঞ্জাব) দ্বিতীয় বাৰৰ বাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে ২০১৪ চনত দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছিল, য’ত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। ২০১১ চনত প্লে অফ আৰম্ভ হোৱাৰ পৰা ২০২৪ চনলৈকে পঞ্জাবে মাত্ৰ এবাৰহে প্লে অফত প্ৰৱেশ কৰিছিল। এইবাৰ দলটোৱে লীগ পৰ্যায়ত ভাল প্ৰদৰ্শন কৰি ১ নম্বৰ স্থান দখল কৰি প্লে অফত প্ৰৱেশ কৰি এতিয়া ফাইনেলত প্ৰৱেশ কৰিছে।
শ্ৰেয়াছ আয়েৰৰ ইতিহাস সৃষ্টি, তিনিটা দলক উপনীত কৰালে ফাইনেলত
পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে নিজৰ নামত এক বিশেষ অভিলেখ গঢ়িছে। তেওঁ আই পি এলৰ ইতিহাসত তিনিটা ভিন্ন দলক ফাইনেললৈ নেতৃত্ব দিয়া প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ২০২০ চনত তেওঁ দিল্লী কেপিটেলছক ফাইনেললৈ লৈ যায়, ২০২৪ চনত কলকাতা নাইট ৰাইডাৰ্ছক খিতাপ দখল কৰিবলৈ নেতৃত্ব দিয়ে আৰু এতিয়া ২০২৫ চনত তেওঁ পঞ্জাবক ফাইনেললৈ লৈ যোৱাত সফল হৈছে।
লীগ পৰ্যায়ত দুয়োটা দলে শীৰ্ষ ২ স্থানত আছিল, কোৱালিফায়াৰতো কঠিন প্ৰতিযোগিতা আছিল
পঞ্জাৱ আৰু আৰ চি বি দুয়োটা দলে লীগ পৰ্যায়ত উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। দুয়োটা দলে ১৪খন খেলৰ ভিতৰত ৯খন খেলত জয়লাভ, ৪খন খেলত পৰাস্ত আৰু এখন মেচ নিৰ্ণায়ক নহ’ল। নেট ৰান ৰেটৰ ক্ষেত্ৰতো দুয়োৰে মাজত সামান্য পাৰ্থক্য দেখা গৈছিল। লীগ পৰ্যায়ত পঞ্জাবে নিজৰ ঘৰুৱা খেলপথাৰত বেংগালুৰুক পৰাস্ত কৰাৰ বিপৰীতে মুলনপুৰত অনুষ্ঠিত হোৱা ৰিভাৰ্ছ ফিক্সাৰত আৰ চি বিয়ে জয়লাভ কৰিছিল।
কোৱালিফায়াৰ-১ত দুয়োটা দলৰ মাজত সংঘৰ্ষ হয়, য’ত আৰচিবিয়ে মাত্ৰ ১০১ ৰানত পঞ্জাবক আউট কৰি ১০ অভাৰ বাকী থকা অৱস্থাত মেচখন জয় কৰি পোনে পোনে ফাইনেলত প্ৰৱেশ কৰে। আনহাতে পঞ্জাবে কোৱালিফায়াৰ-২ত মুম্বাইক পৰাস্ত কৰি ফাইনেলৰ টিকট লাভ কৰে।
এতিয়া সকলোৰে দৃষ্টি থাকিব ৩ জুনত আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া আই পি এল ২০২৫ৰ ফাইনেলত, য’ত ক্ৰিকেট প্ৰেমীসকলে নতুন চেম্পিয়নক দেখা পাব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া