বেংকক, ০২ জুন (হি.স.)। থাইলেণ্ড অ’পেন বক্সিং টুৰ্ণামেণ্ট ২০২৫ত ভাৰতে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই মুঠ ৮টা পদক লাভ কৰে। দীপক আৰু নমন তনৱাৰে স্বৰ্ণ পদক লাভ কৰি দেশক গৌৰৱান্বিত কৰাৰ বিপৰীতে মহিলা শাখাতো ভাৰতীয় বক্সাৰসকলে শক্তিশালী প্ৰদৰ্শনেৰে পদক সংগ্ৰহত অৰিহণা যোগোৱা দেখা গৈছিল।
দীপক আৰু নমন তনৱাৰে আনিলে সোণ
পুৰুষৰ ৭৫ কেজি শাখাত দীপকে উজবেকিস্তানৰ আব্দুৰাখিমভ জাভোখিৰক ৫-০ গ’লত পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে। খেলখনৰ আৰম্ভণিতে দীপকে সংযমেৰে খেলিছিল যদিও প্ৰথম ৰাউণ্ডৰ মাজভাগৰ পৰাই তেওঁ নিয়ন্ত্ৰণ লাভ কৰিবলৈ আৰম্ভ কৰিছিল আৰু শেষলৈকে সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰিছিল।
ইফালে, ৯০ কেজি ফাইনেলত নমন তানৱাৰে চীনৰ হান শ্বুয়েজেনক ৪-১ গ’লত পৰাস্ত কৰে। নমনে আগ্ৰাসী আৰম্ভণি কৰি প্ৰথম দুটা ৰাউণ্ডত অগ্ৰগতি লাভ কৰে। যদিও চীনৰ বক্সাৰগৰাকীয়ে তৃতীয় ৰাউণ্ডত কামবেক কৰিবলৈ চেষ্টা কৰিছিল, তথাপিও নমনে নিজৰ অভিজ্ঞতাৰে খেলখন নিজৰ পক্ষত ৰাখিছিল।
কিৰণৰ ৰূপৰ পদক, পাঁচগৰাকী মহিলা বক্সাৰৰ ব্ৰঞ্জৰ পদক লাভ
মহিলাৰ ৮০+ কেজি শাখাত কাজাখস্তানৰ য়েল্ডানা টালিপোভাৰ বিৰুদ্ধে ২-৩ ব্যৱধানত ঘনিষ্ঠ পৰাজয়ৰ সন্মুখীন হৈ কিৰণে ৰূপৰ পদকত সন্তুষ্ট হ’বলগীয়া হয়।
ইয়াৰ উপৰিও পাঁচগৰাকী ভাৰতীয় মহিলা বক্সাৰ- তমন্না (৫১ কেজি), প্ৰিয়া (৫৭ কেজি), সঞ্জু (৬০ কেজি), ছানেহ (৭০ কেজি) আৰু লালফকমাৱী ৰালটে (৮০ কেজি)—ব্ৰঞ্জৰ পদক লাভ কৰে।
অংশুল গিলৰ পদক বিতৰ্কিত, অযোগ্য
ভাৰতীয় বক্সাৰ অংশুল গিলে ৯০+ কেজি শাখাত ছেমি ফাইনেল জয় কৰাৰ পিছতো পদক লাভৰ পৰা বঞ্চিত হ’ল। মেচৰ পিছত কৰা এক কাৰ্য্যৰ বিৰুদ্ধে উজবেকিস্তানৰ প্ৰশিক্ষকে আপত্তি কৰিছিল আৰু অভিযোগৰ পিছত অংশুলক অযোগ্য ঘোষণা কৰা হৈছিল।
ভাৰতৰ আত্মবিশ্বাস বাঢ়িছে, পৰৱৰ্তী লক্ষ্য হৈছে বিশ্ব বক্সিং কাপ
এই প্ৰতিযোগিতাত ভাৰতৰ ১৯ জনীয়া দল এটাই খেলিছিল, যাৰ বহু বক্সাৰে বিশ্বমানৰ খেলুৱৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইয়াৰ পূৰ্বে ব্ৰাজিলত অনুষ্ঠিত বিশ্ব বক্সিং কাপত ভাৰতে ১টা স্বৰ্ণসহ ৬টা পদক লাভ কৰিছিল। এতিয়া ভাৰতীয় দলটোৱে জুন মাহৰ শেষৰ ফালে কাজাখস্তানত অনুষ্ঠিত হ’বলগীয়া বিশ্ব বক্সিং কাপৰ দ্বিতীয় পৰ্যায়ত অংশগ্ৰহণ কৰাৰ বিপৰীতে এইবাৰ নতুন দিল্লীত অনুষ্ঠিত হ’ব চূড়ান্ত খেল।
এই প্ৰদৰ্শনে ভাৰতীয় বক্সিং দলৰ মনোবল বৃদ্ধি কৰিছে আৰু আগন্তুক প্ৰতিযোগিতাসমূহত আৰু অধিক পদক লাভ কৰাৰ বাবে দেশ আশাবাদী।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া