এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা গ্লেন মেক্সৱেলে অব্যাহত ৰাখিব টি-২০ত কেৰিয়াৰ
– ২০২৩ চনৰ বিশ্বকাপত ঐতিহাসিক দ্বৈত শতক অৰ্জন কৰা মেক্সৱেলে কয় – এতিয়া দলটোক ভৱিষ্যতৰ বাবে প্ৰস্তুতি চলাবলৈ দিয়া উচিত নতুন দিল্লী, ০২ জুন (হি.স.)। অষ্ট্ৰেলিয়াৰ তাৰকা অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেলে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এদিনীয়া আন্তঃৰাষ্ট্ৰ
ग्लेन मैक्सवेल ने एकदिनी क्रिकेट से लिया संन्यास


– ২০২৩ চনৰ বিশ্বকাপত ঐতিহাসিক দ্বৈত শতক অৰ্জন কৰা মেক্সৱেলে কয় – এতিয়া দলটোক ভৱিষ্যতৰ বাবে প্ৰস্তুতি চলাবলৈ দিয়া উচিত

নতুন দিল্লী, ০২ জুন (হি.স.)। অষ্ট্ৰেলিয়াৰ তাৰকা অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেলে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। অৱশ্যে টি-২০ ফৰ্মেটত উপলব্ধ হৈ থাকিব আৰু ২০২৬ চনৰ পৰৱৰ্তী টি-২০ বিশ্বকাপলৈকে খেলিব বুলি আশা কৰা হৈছে।

৩৬ বছৰীয়া মেক্সৱেলে ‘দ্য ফাইনেল ৱৰ্ড পডকাষ্ট’ত দিয়া এক দীঘলীয়া সাক্ষাৎকাৰত এই ঘোষণা কৰে। তেওঁ কয় যে ২০২২ চনত ভৰি ভাঙি এদিনীয়া ক্ৰিকেটে তেওঁৰ শৰীৰত ক্ষতিসাধন কৰিছিল। এইবাৰ চেম্পিয়নছ ট্ৰফীৰ সময়তো তেওঁ অতি ভাগৰুৱা অনুভৱ কৰিছিল।

এতিয়া পৰৱৰ্তী প্ৰজন্মক সুযোগ দিয়াৰ সময়: মেক্সৱেল

মেক্সৱেলে কয়, মই অনুভৱ কৰিবলৈ আৰম্ভ কৰিলোঁ যে মই দলটোক অলপ পিছুৱাই লৈছো। মই নিৰ্বাচক জৰ্জ বেইলীৰ সৈতে কথা পাতিলোঁ আৰু ক'লোঁ যে ২০২৭ চনৰ বিশ্বকাপলৈকে মই খেলিব নোৱাৰিম। এতিয়া মোৰ ঠাইত আন কাৰোবাক প্ৰস্তুত কৰাৰ সময়। তেওঁ আৰু কয়, মই কেতিয়াও এনেদৰে খেলিব বিচৰা নাছিলো যে মই কেৱল অভিলেখ বা ব্যক্তিগত সন্তুষ্টিৰ বাবে দলত থাকিম। যেতিয়া মই অনুভৱ কৰো যে মই দলৰ ভৱিষ্যতৰ অংশ নহয়, তেতিয়া এৰি যোৱাটোৱেই ভাল।

অভিলেখ সাধাৰণ যেন লাগিব পাৰে, কিন্তু ষ্ট্ৰাইক ৰেটেই আটাইতকৈ ভাল

মেক্সৱেলে ১৪৯খন এদিনীয়াত ৩৩.৮১ গড়ে ৩৯৯০ ৰান সংগ্ৰহ কৰি ৭৭টা উইকেট দখল কৰে। অৱশ্যে তেওঁৰ আটাইতকৈ ডাঙৰ বিশেষত্ব আছিল তেওঁৰ বিস্ফোৰক শৈলী - ১২৬.৭০ ষ্ট্ৰাইক ৰেট, যিটো আন্দ্ৰে ৰাছেলৰ পিছত এদিনীয়াৰ ইতিহাসত দ্বিতীয় শ্ৰেষ্ঠ। ২০০০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ ভিতৰত এয়া সৰ্বোত্তম ষ্ট্ৰাইক ৰেট।

২০২৩ চনৰ বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে ২০১* ইনিংছ এটাই তেওঁক অমৰ কৰি তুলিছিল। কেৱল অষ্ট্ৰেলিয়াৰ পৰা প্ৰথম ডাবল চেঞ্চুৰী নহয়, ৰান চেজত যিকোনো বেটছমেনে কৰা প্ৰথম ডাবল চেঞ্চুৰীও আছিল - আৰু সেইটোও ৬ নম্বৰত আহিছিল, যেতিয়া অষ্ট্ৰেলিয়া ৯১/৭ত বিপদত পৰিছিল।

কেৰিয়াৰৰ আৰু কিছুমান বৃহৎ ইনিংছ

২০২৩ চনৰ বিশ্বকাপত নেদাৰলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ৪০টা বলত শতক – বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ দ্ৰুততম শতক।

২০১৫ চনৰ বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে ৫১টা বলত শতক – বিশ্বকাপৰ চতুৰ্থ দ্ৰুততম শতক।

২০২০ ইংলেণ্ড ভ্ৰমণ – মানচেষ্টাৰত ইংলেণ্ডৰ বিৰুদ্ধে ৭৩/৫ গ’লত খেদি খেদি তেওঁ এলেক্স কেৰীৰ সৈতে মেচ বিজয়ী ২১২ ৰানৰ অংশীদাৰিত্ব ভাগ কৰিছিল।

২০১৫ চনৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে অপৰাজিত ৪৪ ৰান আৰু দুটা উইকেট।

২০২৩ চনৰ বিশ্বকাপৰ ফাইনেলত ৰোহিত শৰ্মাৰ গুৰুত্বপূৰ্ণ উইকেট দখল কৰি অষ্ট্ৰেলিয়াৰ জয়ৰ ভেটি স্থাপন কৰিছিল।

২০১৪ চনৰ পাকিস্তানৰ বিৰুদ্ধে খেলখনত তেওঁ ফাইনেল অভাৰত ডাবল উইকেট মেডেন বলিং কৰি মাত্ৰ দুটা ৰান ৰক্ষা কৰিছিল।

অষ্ট্ৰেলিয়াৰ ক্ৰিকেটে কৃতজ্ঞতা প্ৰকাশ কৰে

অষ্ট্ৰেলিয়াৰ মুখ্য নিৰ্বাচক জৰ্জ বেইলীয়ে কয় যে গ্লেন এদিনীয়াৰ ইতিহাসৰ অন্যতম গতিশীল খেলুৱৈ। তেওঁৰ বেটিং প্ৰতিভা, বলিঙৰ অৱদান আৰু ফিল্ডিঙত শক্তি অতুলনীয়।

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ চিইঅ’ টড গ্ৰীনবাৰ্গে কয় যে, গ্লেনৰ বিস্ফোৰক বেটিঙে বিশ্বৰ দৰ্শকৰ হৃদয় জয় কৰিছিল। বহু শিশুৱে তেওঁক দেখাৰ পিছত বেটটো তুলি লৈছিল। অষ্ট্ৰেলিয়াৰ ক্ৰিকেটে তেওঁৰ অৱদানৰ বাবে সদায় কৃতজ্ঞ হৈ থাকিব।

এতিয়া টি২০ৰ ওপৰত চকু ৰাখি ইউ এছ এ লীগৰ ওপৰত গুৰুত্ব –

বৰ্তমান আঘাতৰ বাবে আই পি এলৰ পৰা মেক্সৱেল আঁতৰি আছিল যদিও অতি সোনকালে আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া মেজৰ লীগ ক্ৰিকেটৰ বাবে ফিট হ’ব পাৰে। অষ্ট্ৰেলিয়াৰ টি-২০ দলটোৱেও জুলাই মাহত কেৰিবিয়ান ভ্ৰমণলৈ যাব, য’ত তেওঁ যোগদান কৰাৰ সম্ভাৱনা আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande