কৰ্ণাটকৰ বহু জিলাত লোকায়ুক্তৰ অভিযান
বেংগালুৰু, ৩১ মে’ (হি.স.)। কৰ্ণাটক ৰাজ্যৰ বিভিন্ন জিলাত দুৰ্নীতিৰ বিৰুদ্ধে শনিবাৰে লোকায়ুক্তৰ বিষয়াসকলে ব্যাপক অভিযান চলায়। কালাবুৰাগী, ধৰৱাড়, বাগালকোট, গদাগ, হাবেৰী, বেলাৰী, উডুপি, দৱনাগেৰেকে ধৰি কেইবাখনো জিলাত অভিযান চলাই কেইবাজনো চৰকাৰী বিষয়া
Raid


বেংগালুৰু, ৩১ মে’ (হি.স.)। কৰ্ণাটক ৰাজ্যৰ বিভিন্ন জিলাত দুৰ্নীতিৰ বিৰুদ্ধে শনিবাৰে লোকায়ুক্তৰ বিষয়াসকলে ব্যাপক অভিযান চলায়। কালাবুৰাগী, ধৰৱাড়, বাগালকোট, গদাগ, হাবেৰী, বেলাৰী, উডুপি, দৱনাগেৰেকে ধৰি কেইবাখনো জিলাত অভিযান চলাই কেইবাজনো চৰকাৰী বিষয়াৰ ঘৰ, কার্যালয় আৰু আত্মীয়ৰ নথি-পত্র পৰীক্ষা কৰে৷

গদাগ জিলাত লোকায়ুক্তৰ আৰক্ষী অধীক্ষক হনুমন্তৰয়ৰ নেতৃত্বত নিৰ্মতি কেন্দ্ৰৰ প্ৰকল্প পৰিচালক গংগাধৰ শিৰোলৰ ঘৰ আৰু কাৰ্যালয়কে ধৰি ছটা স্থানত অভিযান চলাই পৰিয়ালৰ সদস্যৰ ঘৰতো তালাচী চলোৱা হয়।

কালাবুৰাগী জিলাৰ ৰাজহুৱা কাম-কাজ বিভাগৰ অধীক্ষক অভিযন্তা আমিন মুখতাৰৰ ঘৰত অভিযান চলায়। এই সময়ছোৱাত বহু নথি-পত্ৰ, ১০০ কোটি টকাৰ সম্পত্তি, ২৫ একৰ মাটিৰ ৰেকৰ্ড, পেট্ৰ’ল পাম্প, ক্ৰুচাৰ মেচিনৰ অনুজ্ঞাপত্ৰ আদি উদ্ধাৰ কৰা হয়।

উডুপি জিলাৰ কাৰ্কলা মেচকম সংমণ্ডলৰ একাউণ্ট বিষয়া গিৰীশ ৰাও মেনেৰ বিৰুদ্ধে অসমতাপূৰ্ণ সম্পত্তি থকাৰ অভিযোগত ৫ স্থানত অভিযান চলাইছে। ধৰৱাড়ৰ ৰাজহুৱা কাম-কাজ বিভাগৰ মুখ্য অভিযন্তা এইচ সুৰেশৰ ঘৰ আৰু কাৰ্যালয়ত অভিযান চলাই কেইবাখনো গুৰুত্বপূৰ্ণ নথি জব্দ কৰে।

হাবেৰী আৰু দাৱনাগেৰে জিলাৰ লোকায়ুক্ত বিষয়াৰ যৌথ অভিযানত শিগাওঁ তালুকৰ বাদা গাঁৱৰ পি ডি অ’ৰ কাৰ্যালয় আৰু গ্ৰাম পঞ্চায়ত বিষয়া ৰামকৃষ্ণপ্পা গুডগেৰীৰ ঘৰত অভিযান চলায়। লোকায়ুক্তই বাগালকোট জিলা উপায়ুক্ত কাৰ্যালয়ৰ একাউণ্ট বিভাগৰ প্ৰথম শ্ৰেণীৰ সহায়িকা শ্ৰীশৈলা তাতৰাণীৰ ঘৰ আৰু গহণা দোকানত অভিযান চলায়। বগলকোট লোকায়ুক্তৰ ডি এছ পি সিদ্ধেশ্বৰৰ নেতৃত্বত এই অভিযান চলোৱা হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande