ছিউলত চলন্ত মেট্ৰ’ ৰে’লত অগ্নিকাণ্ড সংঘটিত, যাত্ৰীসকলৰ নিজৰ জীৱন ৰক্ষাৰ বাবে লৰাঢপৰা
ছিউল, ৩১ মে’ (হি.স.)। দক্ষিণ কোৰিয়াত হঠাতে চলন্ত ছিউল মেট্ৰ’ ৰে’লত জুইৰ শিখা জ্বলি উঠাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। এই কাণ্ড সংঘটিত হৈছে ৫ নং লাইনত। মেট্ৰ’ ছাবমেট্ৰ’ ৰে’লত যাত্ৰা কৰা প্ৰায় ৪০০ যাত্ৰীয়ে নিজৰ জীৱন ৰক্ষা কৰিবলৈ সুৰংগটোৰ পথ বাছি ল’বলগী
सियोल मेट्रो ट्रेन में सिरफिरे बुजुर्ग ने लगाई थी आग। उसे गिरफ्तार कर लिया गया है।


ছিউল, ৩১ মে’ (হি.স.)। দক্ষিণ কোৰিয়াত হঠাতে চলন্ত ছিউল মেট্ৰ’ ৰে’লত জুইৰ শিখা জ্বলি উঠাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। এই কাণ্ড সংঘটিত হৈছে ৫ নং লাইনত। মেট্ৰ’ ছাবমেট্ৰ’ ৰে’লত যাত্ৰা কৰা প্ৰায় ৪০০ যাত্ৰীয়ে নিজৰ জীৱন ৰক্ষা কৰিবলৈ সুৰংগটোৰ পথ বাছি ল’বলগীয়া হৈছিল। আৰক্ষীয়ে জনোৱা মতে, জুই জ্বলোৱাৰ সন্দেহ কৰা বৃদ্ধজনক গ্ৰেপ্তাৰ কৰা হৈছে।

শনিবাৰে পুৱা দক্ষিণ কোৰিয়াৰ আৰক্ষীয়ে জনোৱা মতে, ৫ নং লাইনত থকা ছিউলৰ ছাবমেট্ৰ’ ৰে’লত জুই লগাই দিয়াৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পুৱা প্ৰায় ৯.৪৫ বজাত য়েওইনাৰু ষ্টেচনৰ সমীপত গেছলিন ভৰ্তি জেৰিকেন আৰু টৰ্চ লাইটাৰ লৈ গ্ৰেপ্তাৰ কৰে ৬০ বছৰীয়া যুৱকজনক। পশ্চিম ছিউলৰ য়েওনাৰু আৰু পৰৱৰ্তী ষ্টপ মাপো ষ্টেচনৰ ওচৰত এই অগ্নিকাণ্ড সংঘটিত হয়।

ইয়ংডেউংপো থানাৰ বিষয়াসকলে কিহৰ বাবে সন্দেহজনক লোকজনে ৰে’লখনত জুই লগাইছিল তাক তদন্ত কৰি আছে। বিষয়াসকলে জনোৱা মতে, ৰে’লৰ পৰা ৪০০ৰো অধিক যাত্ৰীক উলিয়াই আনিবলৈ বহু কষ্টৰ প্ৰয়োজন হৈছিল। এই সময়ত কিছুমান যাত্ৰী আঁচোৰ খাইছিল। ধোঁৱাৰ বাবে বহু যাত্ৰী সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ২১ জন যাত্ৰীক পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। পুৱা ১০:২৪ বজাত সম্পূৰ্ণৰূপে নিৰ্বাপিত হয় জুই। ছিউল মেট্ৰ’ৰ মতে, ৫ নং লাইনত এতিয়া সকলো ৰে’লৰ যাতায়ত স্বাভাৱিক। এই অগ্নিকাণ্ডৰ বাবে মেট্ৰ’ অপাৰেটৰটোৱে পুৱা কিছু সময়ৰ বাবে সেৱা বন্ধ কৰি দিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande