আমেৰিকাত এক বৃহৎ বিমান দুৰ্ঘটনা প্ৰতিৰোধ, ১৭৯ জন যাত্ৰী কঢ়িয়াই অনা বিমানৰ লেণ্ডিং গিয়াৰত অগ্নিকাণ্ড, সকলো নিৰাপদ
ৱাশ্বিংটন, ২৭ জুলাই (হি.স.)। আমেৰিকাৰ ডেনভাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মিয়ামি অভিমুখে যোৱা আমেৰিকাৰ বিমান এএ৩০২৩ৰ লেণ্ডিং গিয়াৰত হঠাতে জুই লগাত এক বৃহৎ বিমান দুৰ্ঘটনা ৰোধ কৰা হয়। লগে লগে জৰুৰীকালীন প্ৰস্থানৰ জৰিয়তে বিমানখনত থকা ১৭৯ জন যাত্ৰী আৰ
আমেৰিকাৰ ডেনভাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানৰ লেণ্ডিং গিয়াৰত হঠাতে জুই লাগি পৰাত এক বৃহৎ বিমান দুৰ্ঘটনা ৰোধ কৰা হয়


ৱাশ্বিংটন, ২৭ জুলাই (হি.স.)। আমেৰিকাৰ ডেনভাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মিয়ামি অভিমুখে যোৱা আমেৰিকাৰ বিমান এএ৩০২৩ৰ লেণ্ডিং গিয়াৰত হঠাতে জুই লগাত এক বৃহৎ বিমান দুৰ্ঘটনা ৰোধ কৰা হয়। লগে লগে জৰুৰীকালীন প্ৰস্থানৰ জৰিয়তে বিমানখনত থকা ১৭৯ জন যাত্ৰী আৰু ক্ৰুক উলিয়াই অনা হয়।

অগ্নিনিৰ্বাপক বাহিনী আৰু বিমানবন্দৰৰ জৰুৰীকালীন দলটোৱে জুই নিয়ন্ত্ৰণলৈ আনে। মিয়ামি অভিমুখী বিমানখনে ৰাণৱেত টেক্সিং কৰাৰ সময়তে এই অগ্নিকাণ্ড সংঘটিত হয়। এই দুৰ্ঘটনাত কোনো লোক নিহত বা আহত হোৱাৰ খবৰ পোৱা নাই।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande