গাজাত ইজৰাইলৰ অনাহাৰ নীতি ‘গণহত্যা’ৰ সমান: আমেৰিকাৰ সাংসদৰ অভিযোগ
ৱাশ্বিংটন, ২৭ জুলাই (হি.স.)। আমেৰিকাৰ কংগ্ৰেছী জন গাৰামেণ্ডীয়ে গাজালৈ মানৱীয় সাহায্য প্ৰদান নকৰাৰ ইজৰাইলৰ নীতিক ‘গণহত্যা’ৰ সৈতে মিল থকা বুলি অভিহিত কৰিছে। তেওঁ অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ ষড়যন্ত্ৰৰ বাবে গাজাৰ নাগৰিকসকলক ইচ্ছ
আমেৰিকাৰ পতাকা


ৱাশ্বিংটন, ২৭ জুলাই (হি.স.)। আমেৰিকাৰ কংগ্ৰেছী জন গাৰামেণ্ডীয়ে গাজালৈ মানৱীয় সাহায্য প্ৰদান নকৰাৰ ইজৰাইলৰ নীতিক ‘গণহত্যা’ৰ সৈতে মিল থকা বুলি অভিহিত কৰিছে। তেওঁ অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ ষড়যন্ত্ৰৰ বাবে গাজাৰ নাগৰিকসকলক ইচ্ছাকৃতভাৱে ভোক আৰু দুখ-কষ্টৰ বলি কৰা হৈছিল।

কেলিফৰ্ণিয়াৰ ডেম’ক্ৰেট গাৰামেণ্ডীয়ে এক বিবৃতিত কয় যে, ইজৰাইলৰ হাতত পেলেষ্টাইনীসকলক পৰ্যাপ্ত খাদ্য যোগান ধৰাৰ ক্ষমতা আৰু সম্পদ আছে। তথাপিও তেওঁলোকে তেনে কৰা নাই, যিটো আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰা হৈছে। গাজাক খাদ্য প্ৰদান নকৰাটো প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে ইচ্ছাকৃত সিদ্ধান্ত।

উল্লেখযোগ্য যে আমেৰিকাৰ কিছুমান প্ৰগতিশীল ডেম’ক্ৰেট সাংসদে ইজৰাইলক গাজাত গণহত্যাৰ অভিযোগ উত্থাপন কৰিছে যদিও ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞ আৰু প্ৰধান মানৱ অধিকাৰ সংস্থাসমূহে যোৱা এবছৰত ইজৰাইলৰ সামৰিক পদক্ষেপক ‘গণহত্যাৰ অভিযান’ বুলি অভিহিত কৰিছে।

এই সাংসদসকলে কয় যে গাজাত খাদ্য, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সাহায্য ইচ্ছাকৃতভাৱে বাধা দিয়াটো কেৱল মানৱীয় অপৰাধ নহয়, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইনৰো গুৰুতৰ উলংঘা।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande