কাঠমাণ্ডু, ২৭ জুলাই (হি.স.)। নেপাল আৰু চীনৰ উত্তৰ সীমান্তৰ সিপাৰে ৰাসুৱাগাঢ়ীস্থিত বন্ধুত্ব দলং (মৈত্ৰী পুল)ৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। প্ৰায় ১০ মিটাৰ বহল আৰু ১০০ মিটাৰ দীঘল এই দলংখন যোৱা ৮ জুলাইত লেণ্ডে খোলাত হোৱা ভয়াৱহ বানত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল।
ৰাছুৱাৰ মুখ্য জিলা বিষয়া অৰ্জুন পৌডেলে দেওবাৰে কয় যে নেপাল আৰু চীনৰ মাজত সীমা অতিক্ৰম কৰি চলাচল আৰু বাণিজ্য সম্পূৰ্ণ বন্ধ হোৱাৰ পিছত চীন পক্ষই পুনৰ নিৰ্মাণৰ প্ৰথম পৰ্যায় হিচাপে বেইলী দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। এই অস্থায়ী দলংখনৰ বাবে ইতিমধ্যে গ্ৰাউণ্ড লেভেলিং আৰম্ভ হৈছে। ইয়াৰ পূৰ্বে শনিবাৰে চি ডি অ’ পৌডেলৰ নেতৃত্বত নেপালীৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে ফ্ৰেণ্ডশ্বিপ ব্ৰীজ এলেকাৰ স্থানীয় পৰিদৰ্শন কৰে। ইয়াৰ সময়ত দুয়োখন দেশৰ বিষয়াসকলে নিৰ্মাণ স্থানত এখন বৈঠক অনুষ্ঠিত কৰে, য’ত বান উদ্ধাৰ আৰু সাহায্য অভিযান, পুনৰ নিৰ্মাণৰ অগ্ৰাধিকাৰ আৰু স্থায়ী কাঠামোৰ পৰিকল্পনাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়।
ক্ষিপ্ৰতাৰে আৰম্ভ হোৱা অস্থায়ী দলং নিৰ্মাণৰ জৰিয়তে স্থানীয় ৰাইজ, ব্যৱসায়ী আৰু সীমান্ত অতিক্ৰম কৰা সেৱা ব্যৱহাৰকাৰীৰ বাবে অত্যাৱশ্যকীয় গতিবিধি পুনৰুদ্ধাৰ কৰি তাৎক্ষণিকভাৱে সকাহ দিয়াৰ সম্ভাৱনা আছে বুলি ৰসুৱাৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ে জানিবলৈ দিয়ে। স্থায়ী দলং পুনৰ নিৰ্মাণো দুয়োখন দেশৰ বাবে শীৰ্ষ অগ্ৰাধিকাৰ। ছেপ্টেম্বৰৰ মাজভাগৰ ভিতৰত বেইলী দলং নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি আশ্বাস দিছে চীনৰ সমকক্ষই। ইফালে ৰসুৱাগাঢ়ীস্থিত সংহত শুল্ক ভৱন নিৰ্মাণৰ কাম এতিয়াও স্থগিত ৰখা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া