বাংলাদেশলৈ যাব পশ্চিম বংগ বিজেপিৰ প্ৰতিনিধি দল
কলকাতা, ৩১ মে’ (হি.স.)। শীঘ্ৰে বাংলাদেশ ভ্ৰমণ কৰিব পশ্চিম বংগ ভাৰতীয় জনতা পাৰ্টিৰ এটা প্ৰতিনিধি দল। শেহতীয়াকৈ বাংলাদেশৰ জেছৌৰ জিলাৰ এখন গাঁৱত হিন্দু মাতুৱা সম্প্ৰদায়ৰ লোকক আক্ৰমণ, লুণ্ঠন আৰু অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পৰিপ্ৰেক্ষিতত এই ভ্
शुभेंदु अधिकारी का बांग्लादेश दौरे का ऐलान


কলকাতা, ৩১ মে’ (হি.স.)। শীঘ্ৰে বাংলাদেশ ভ্ৰমণ কৰিব পশ্চিম বংগ ভাৰতীয় জনতা পাৰ্টিৰ এটা প্ৰতিনিধি দল। শেহতীয়াকৈ বাংলাদেশৰ জেছৌৰ জিলাৰ এখন গাঁৱত হিন্দু মাতুৱা সম্প্ৰদায়ৰ লোকক আক্ৰমণ, লুণ্ঠন আৰু অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পৰিপ্ৰেক্ষিতত এই ভ্ৰমণ। এই স্পৰ্শকাতৰ পৰিস্থিতিৰ বুজ ল’বলৈ আৰু ভুক্তভোগীৰ অৱস্থা বুজিবলৈ বিজেপিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

শুকুৰবাৰে সন্ধিয়া কলকাতাত সাংবাদিকৰ আগত বিজেপি নেতা তথা পশ্চিমবংগ বিধানসভাৰ বিৰোধী দলপতি সুৱেন্দু অধিকাৰীয়ে কয় যে বাংলাদেশৰ ধমৰসিয়াহাটী গাঁৱত সংখ্যালঘু হিন্দু মাতুৱা জনগোষ্ঠীৰ ওপৰত সংঘটিত আক্ৰমণৰ তদন্তৰ বাবে দলটোৰ এটা প্ৰতিনিধি দলে সেই স্থান পৰিদৰ্শন কৰি পৰিস্থিতি প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰিব। তেওঁ কয় যে এই প্ৰতিনিধি দলটোৰ নেতৃত্বত থাকিব বঙাইগাঁও দক্ষিণ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক স্বপন মজুমদাৰ। এই প্ৰতিনিধি দলটোৱে পেট্ৰাপোল-বেনাপোল সীমান্তৰে স্থলপথেৰে বাংলাদেশত প্ৰৱেশ কৰি জেছ’ৰ জিলাৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰিব। স্থল পৰিস্থিতিৰ বুজ লোৱাৰ পিছত প্ৰতিনিধি দলটোৱে দল আৰু আনুষংগিক সংগঠনসমূহক সমগ্ৰ পৰিস্থিতিৰ প্ৰতিবেদন দাখিল কৰিব।

বাংলাদেশ উপ উচ্চায়ুক্তৰ পৰা ইতিবাচক সহযোগিতা

শুভেন্দু অধিকাৰীয়ে জনোৱা মতে, বিজেপিৰ হৈ কলকাতাত বাংলাদেশৰ উপ উচ্চায়ুক্তলৈ এখন পত্ৰও দাখিল কৰা হৈছে। আয়োগে আশ্বাস দিছে যে প্ৰতিনিধি দলটোৱে ভিছা লাভ কৰাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহ’ব আৰু অগ্ৰাধিকাৰৰ ভিত্তিত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব।

শুভেন্দু অধিকাৰীয়ে দাবী কৰিছে যে এই পৰ্যন্ত বাংলাদেশ চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালক ৬০০০ টাকা নগদ সাহায্য, ৩০ কেজি চাউল আৰু দুটা বাণ্ডিল টিন বিতৰণ কৰিছে। ইয়াৰ লগতে এই আক্ৰমণৰ সৈতে সম্পূৰ্ণৰূপে জড়িত থকা ৭ জন লোককো গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে তেওঁ কয় যে বিজেপিয়ে ভুক্তভোগীক সহায় আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰিছে যদিও পোনপটীয়াকৈ সহায় প্ৰেৰণ কৰাটো একেবাৰেই ব্যৱহাৰিক নহয়। এই কাৰণে বিজেপিয়ে বিচাৰে যে এই সাহায্যৰ ধন ৰামকৃষ্ণ মিছন গৌড়িয়া মঠ, ভাৰত সেৱাশ্ৰম সংঘ, আৰু মতুৱা জনগোষ্ঠীৰ সামাজিক সংগঠনৰ জৰিয়তে ভুক্তভোগীলৈ প্ৰেৰণ কৰা হওক, যদিহে বাংলাদেশ চৰকাৰে অনুমতি দিয়ে।

উল্লেখযোগ্য যে স্থানীয় বিএনপিৰ এজন নেতাক হত্যা কৰাৰ পিছত অঞ্চলটোত উত্তেজনা বিয়পি পৰাত এই আক্ৰমণ সংঘটিত হয়। ইয়াৰ মাজতে দহামৰসিয়াহাটী গাঁৱত বসবাস কৰা মতুৱা সম্প্ৰদায়ৰ বহু ঘৰত আক্ৰমণ কৰা হয়। বিজেপিৰ তথ্য অনুসৰি এই আক্ৰমণত কমেও ১৮টা ঘৰৰ ক্ষতিসাধন হোৱাৰ লগতে কেইবাটাও পৰিয়ালে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হয়।

এই ভ্ৰমণৰ জৰিয়তে বিজেপিৰ প্ৰতিনিধি দলৰ উদ্দেশ্য কেৱল ঘটনাস্থলী পৰিদৰ্শন কৰাই নহয় স্থানীয় প্ৰশাসন, সামাজিক সংগঠন আৰু ভুক্তভোগী পৰিয়ালৰ সৈতে আলোচনা স্থাপন আৰু সত্য জানিব পৰাটো।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande