পাকিস্তানত ন্যায়াধীশৰ নিৰাপত্তাৰক্ষীৰ কনভয়ত আক্ৰমণ, জোৱান নিহত
ইছলামাবাদ, ৩১ মে’ (হি.স.)। পাকিস্তানৰ সিন্ধ প্ৰদেশৰ টাণ্ডো মাস্তী থানা এলেকাত ন্যায়াধীশৰ নিৰাপত্তাৰক্ষীৰ কনভয়ত আক্ৰমণ চলাই প্ৰাণ হেৰুৱালে এজন জোৱান। এই আক্ৰমণত আন দুজন আৰক্ষী জোৱান গুলীৰ আঘাতপ্ৰাপ্ত হয়। গৃহমন্ত্ৰী মহছিন নাকৱীয়ে এই আক্ৰমণক গৰিহণা
e94da34291de7251cf756d00c2b9c544_440346570.jpg


ইছলামাবাদ, ৩১ মে’ (হি.স.)। পাকিস্তানৰ সিন্ধ প্ৰদেশৰ টাণ্ডো মাস্তী থানা এলেকাত ন্যায়াধীশৰ নিৰাপত্তাৰক্ষীৰ কনভয়ত আক্ৰমণ চলাই প্ৰাণ হেৰুৱালে এজন জোৱান। এই আক্ৰমণত আন দুজন আৰক্ষী জোৱান গুলীৰ আঘাতপ্ৰাপ্ত হয়। গৃহমন্ত্ৰী মহছিন নাকৱীয়ে এই আক্ৰমণক গৰিহণা দি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

দুনিয়া নিউজৰ তথ্য অনুসৰি কালি সন্ধিয়া লৰকানা-খৈৰপুৰ পথত অধিবেশন ন্যায়াধীশৰ নিৰাপত্তাৰক্ষীৰ কনভয়ক লক্ষ্য কৰি আক্ৰমণকাৰীয়ে লক্ষ্য কৰি লয়। চুক্কুৰৰ পৰা লাৰকানালৈ যোৱা চেচন জজ ছিমকান আহমেদৰ নিৰাপত্তাৰক্ষীৰ কনভয়ত নিয়োজিত কনিষ্টবল মকবুল শ্বেখৰ অচিনাক্ত আক্ৰমণকাৰীৰ তীব্ৰ গুলীচালনাত থিতাতে মৃত্যু হয়। এই গুলীচালনাত ইকবাল মিলানো আৰু ছাঘিৰ আহমেদ নামৰ দুজন আৰক্ষী আহত হয়। এই আক্ৰমণত সন্ত্ৰাসবাদী জড়িত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে গৃহমন্ত্ৰী মহছিন নাকৱীয়ে।

যোৱা বছৰৰ ২ আগষ্টত উত্তৰ-পশ্চিম পাকিস্তানৰ স্থানীয় ন্যায়াধীশৰ কনভয়ত একেধৰণৰ আক্ৰমণ সংঘটিত হৈছিল। ইয়াৰ ফলত কমেও দুজন আৰক্ষীৰ মৃত্যু হয়। ২০২২ চনৰ নৱেম্বৰ মাহত উগ্ৰপন্থীৰ সৈতে যুদ্ধবিৰতি ভংগ হোৱাৰ পিছত পাকিস্তানে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন তেহৰিক-ই-তালিবান পাকিস্তানৰ (টিটিপি) মাৰাত্মক আক্ৰমণৰ সন্মুখীন হৈছে।

हिन्दुस्थान समाचार / Monoj Kumar Saikia


 rajesh pande