ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ মাজতে শান্তি আলোচনাৰ বাবে ইস্তানবুলত উপস্থিত ৰাছিয়া-ইউক্ৰেইনৰ প্ৰতিনিধি
কিয়েভ/মস্কো/ইনষ্টাবুল, ০২ জুন (হি.স.)। দীৰ্ঘদিনীয়া যুদ্ধত ইজনে সিজনৰ ৰক্ত পিপাসু হৈ থকা ৰাছিয়া আৰু ইউক্ৰেইনৰ প্ৰতিনিধিসকল শান্তি আলোচনাত অংশগ্ৰহণৰ বাবে তুৰ্কীৰ ৰাজধানীত উপস্থিত হৈছে। ইফালে দুয়োখন দেশৰ মাজত যুদ্ধ অব্যাহত আছে। দুয়োখন দেশে ইজনে সিজ
ড্ৰ’ন আৰু মিছাইল আক্ৰমণ


কিয়েভ/মস্কো/ইনষ্টাবুল, ০২ জুন (হি.স.)। দীৰ্ঘদিনীয়া যুদ্ধত ইজনে সিজনৰ ৰক্ত পিপাসু হৈ থকা ৰাছিয়া আৰু ইউক্ৰেইনৰ প্ৰতিনিধিসকল শান্তি আলোচনাত অংশগ্ৰহণৰ বাবে তুৰ্কীৰ ৰাজধানীত উপস্থিত হৈছে। ইফালে দুয়োখন দেশৰ মাজত যুদ্ধ অব্যাহত আছে। দুয়োখন দেশে ইজনে সিজনৰ ভূখণ্ডত ড্ৰোন আৰু মিছাইল আক্ৰমণ চলাই বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইউক্ৰেইনে ৰাছিয়াৰ বিমানঘাটিসমূহত সমন্বিতভাৱে ড্ৰ’ন আক্ৰমণ চলোৱাৰ পিছত এই আলোচনা সংঘটিত হৈছে।

কিয়েভ পোষ্টৰ তথ্য অনুসৰি নিশাৰ পৰা আজি পুৱালৈকে ৰাছিয়াৰ বেলিষ্টিক মিছাইল আৰু ড্ৰ’নে আক্ৰমণ চলাইছে। ৰাছিয়াই খাৰকিভৰ এখন বিদ্যালয়ক লক্ষ্য কৰি লৈছিল। অৱশ্যে ক্ষেপণাস্ত্ৰই লক্ষ্য হেৰুৱাই পেলায়। এই আক্ৰমণত ৬ জন লোক আহত হয়। ইয়াৰ ভিতৰত এটা শিশুও অন্তৰ্ভুক্ত। ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নে আৱাসিক অঞ্চল আৰু উদ্যোগিক স্থানকো লক্ষ্য কৰি লৈছিল। টেলিগ্ৰামত খাৰকিভৰ মেয়ৰ ইহ’ৰ টেৰেখভে কয় যে চহৰখনৰ কিয়েভ জিলাত দুটা বেলিষ্টিক মিছাইল আক্ৰমণ কৰা হৈছে।

তেওঁ কয় যে হোষ্টেলৰ সমীপতে এটা মিছাইল মাটিত পৰে। ইয়াৰ ফলত হোষ্টেলৰ প্ৰৱেশদ্বাৰৰ লগতে কাষৰ তিনিটা পাঁচ মহলীয়া আৱাসগৃহৰ ক্ষতিসাধন হয়। এটা ড্ৰ’নে এটা গুদাম আৰু ঘৰৰ ক্ষতিসাধন কৰে। উত্তৰ-পূবৰ পৰা ৰাছিয়াই বিমান আক্ৰমণ চলাইছিল। নিশা ৯.৩০ বজাৰ পৰা আৰম্ভ হোৱা ধাৰাবাহিক আক্ৰমণ পুৱা বন্ধ হয়। এই সময়ছোৱাত প্ৰায় ৮৪ স্থানত বিস্ফোৰণ সংঘটিত হয়।

দ্য মস্কো টাইমছৰ মতে, আজি পুৱা ৰাছিয়াৰ বিষয়াসকলে কয় যে ইউক্ৰেইনৰ নিশাটোৰ ভিতৰতে কুৰ্স্ক আৰু ভ’ৰ’নেজ অঞ্চলত ড্ৰ’ন আক্ৰমণৰ ফলত আৱাসিক অট্টালিকাত জুই লাগে আৰু এটা ডাঙৰ ঘাইপথত যাতায়ত ব্যাহত হয়। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ইয়াৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ১৬২খন ইউক্ৰেইনৰ ড্ৰ’ন ধ্বংস কৰে। ইয়াৰে ৫৭খন বিমান কুৰ্স্ক অঞ্চলত পৰিল। কুৰ্স্ক অঞ্চলৰ ভাৰপ্ৰাপ্ত গৱৰ্ণৰ আলেকজেণ্ডাৰ খিনষ্টেইনে কয় যে কুৰ্স্ক অঞ্চলত ধ্বংসপ্ৰাপ্ত ড্ৰ’নসমূহৰ ধ্বংসাৱশেষৰ ফলত কেইবাটাও ঘৰত জুই লাগিছে আৰু ব্যক্তিগত এপাৰ্টমেণ্টৰ ক্ষতিসাধন হৈছে। ভ’ৰনেজ অঞ্চলত ১৬খন ইউক্ৰেইনৰ ড্ৰ’ন ধ্বংস কৰা হয়। ৰাজ্যপাল গুছেভে কয় যে ড্ৰ’নখনৰ ধ্বংসাৱশেষ এম-৪ এক্সপ্ৰেছৱে’ত পৰিল। ইয়াৰ বাবেই মস্কো, ভ’ৰনেজ, ৰষ্টভ-অন-ডন আৰু ক্ৰাছনোডাৰ চহৰক সংযোগ কৰা এই ঘাইপথৰ এটা অংশ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

ইফালে, ৰাছিয়া আৰু ইউক্ৰেইনৰ আলোচনাপন্থীসকলে সোমবাৰে দ্বিতীয় ৰাউণ্ডৰ নতুন শান্তি আলোচনাৰ বাবে তুৰস্কৰ ৰাজধানী ইস্তানবুলত উপস্থিত হৈছে। দেওবাৰে ক্ৰেমলিনৰ সহায়ক ভ্লাদিমিৰ মেডিনস্কিৰ নেতৃত্বত ৰাছিয়াৰ প্ৰতিনিধি দল উপস্থিত হয়। আজি পুৱা প্ৰতিৰক্ষা মন্ত্ৰী ৰুষ্টাম উমাৰভৰ নেতৃত্বত ইউক্ৰেইনৰ প্ৰতিনিধি দল উপস্থিত হয়। তুৰ্কীৰ বৈদেশিক মন্ত্ৰালয়ৰ এক সূত্ৰৰ মতে, তুৰস্কৰ চোৰাংচোৱা বিভাগৰ মুৰব্বী ইব্ৰাহিম কালিনে এই আলোচনাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। যোৱা ১৬ মে’ত ইস্তানবুলত দুয়োপক্ষৰ অন্তিমখন বৈঠক অনুষ্ঠিত হৈছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande