31 Jul 2025, 12:45 HRS IST

অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰসংগ, ৰকিবুল হুছেইন, গৌৰৱ গগৈৰ বক্তব্য কংগ্ৰেছ দলৰ বাংলাদেশী প্ৰীতিৰ নতুন নিদৰ্শন ঃ ৰাজ্যিক বিজেপি
গুৱাহাটী, ৩১ মে’ (হি.স.)। ‘অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ তথা ভাৰতীয় মূলৰ লোকসকলৰ সুৰক্ষা তথা নিৰাপত্তাৰ বিষয়টোক লৈ কংগ্ৰেছ দল যে মুঠেই সংবেদনশীল নহয়, এই কথা যুগ যুগধৰি প্রমাণিত হৈ আহিছে। শেহতীয়াভাবে গৌৰৱ গগৈ, ৰকিবুল হুছেইনকে ধৰি প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ
বিজেপিৰ দলীয় পতাকা


গুৱাহাটী, ৩১ মে’ (হি.স.)। ‘অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ তথা ভাৰতীয় মূলৰ লোকসকলৰ সুৰক্ষা তথা নিৰাপত্তাৰ বিষয়টোক লৈ কংগ্ৰেছ দল যে মুঠেই সংবেদনশীল নহয়, এই কথা যুগ যুগধৰি প্রমাণিত হৈ আহিছে। শেহতীয়াভাবে গৌৰৱ গগৈ, ৰকিবুল হুছেইনকে ধৰি প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কৰি অহা মন্তব্যই এই সত্য পুনৰবাৰ উদঙাই দিলে যে খিলঞ্জীয়াৰ সুৰক্ষাৰ প্রশ্ন আহিলেই কংগ্ৰেছ ভীষণভাবে শংকিত হৈ উঠে। কাৰণ খিলঞ্জীয়া তথা ভাৰতীয় মূলৰ লোকসকলক সুৰক্ষিত কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিলেই কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতিত আঘাট বুলি দলটোৱে বিবেচনা কৰে।” - এই মন্তব্য ভাৰতীয় জনতা পাৰ্টি, অসম প্রদেশৰ।

আজি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাই অন্তৰাষ্ট্ৰীয় সীমান্ত এলেকাৰ খিলঞ্জীয়া লোকক প্ৰয়োজন সাপেক্ষে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া আৰু বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা বাংলাদেশী লোকক বিতাড়নৰ প্রসংগত কংগ্ৰেছ নেতৃত্বই চৰকাৰক কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি এই বক্তব্য প্রকাশ কৰে। বৰুৱাই কয় যে এঁতিহাসিকভাবেই কংগ্ৰেছ দল আৰু চৰকাৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ তথা ভাৰতীয় মূলৰ লোকৰ বিপক্ষে অৱস্থান লৈ আহিছে। ছাৰ চৈয়দ ছাদুল্লাই কৰা ‘মুছলীম লীগ’ৰ খিলঞ্জীয়াবিৰোধী ৰাজনীতিকে স্বাধীনতাৰ পৰবৰ্তী কালত কংগ্ৰেছে আগবঢ়াই নিছে। নিৰ্দিষ্ট একাংশ লোকক ভোটবেংক হিচাপে লৈ কেৱল ক্ষমতা হস্তগত কৰাৰ ৰাজনীতিকে ইমানদিনে কংগ্ৰেছে কৰি আহিছে।

ভোটৰ স্বাৰ্থত সেইসকল নিৰ্দিষ্ট লোকৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ গৈ খিলঞ্জীয়া ভূমিপুত্ৰ স্বাভিমানক বাৰে বাৰে কুঠাৰাঘাত কৰিছে কংগ্ৰেছ দলে। ভাষা আন্দোলন, মাধ্যম আন্দোলন, অসম আন্দোলন আদিত কংগ্ৰেছ দল আৰু চৰকাৰে লোৱা খিলঞ্জীয়াবিৰোধী ভূমিকাৰ কথা অসমৰ ৰাইজে কেতিয়াও পাহৰি নাযায়। এয়া কংগ্ৰেছৰ বাবে মচিব নোৱাৰা কলংকিত ইতিহাসৰ পৃষ্ঠা | জাতি, মাটি, ভেঁটি ৰক্ষা কৰিবলৈ গৈ বাৰে বাৰে অসমৰ খিলঞ্জীয়া লোক কংগ্ৰেছ চৰকাৰৰ দিনত ছহিদ হ’বলগীয়া হৈছে।

ইমানৰ পিছতো কণথগ্ৰেছ দলে আজিৰ দিনটোতো একেই ৰাজনৈতিক স্থিতি গ্ৰহণ কৰি আহিছে। এয়া অসমৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক কথা বুলি উল্লেখ কৰি বিবৃতিটোত বৰন্বাই স্পষ্ট কৰি দিয়ে যে বাংলাদেশৰ দৰে ভাৰতবিৰোধী দেশৰ সীমান্তত থকা খিলঞ্জীয়া লোকসকলৰ বাবে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ আত্মসুৰক্ষাৰ বাবেহে এনে সুৰক্ষাৰ কিয় প্রয়োজন সেয়া কেৱল ভুক্তভুগীয়েহে জানে, ৰকিবুল হুছেইন, গৌৰৱ গগৈৰ দৰে নেতাই ভোটবেংকৰ ৰাজনীতিৰ বাবেই চকু মুদা কুলিৰ ভাওঁ লোৱাটো স্বাভাৱিক।

আনহাতে, বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা যিসকল লোকে উচ্চন্যায়ালয়ত আপীল কৰা নাই, সেইসকল বাংলাদেশীক চৰকাৰে বিতাড়ন কৰিবলৈ দায়বদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ স্পষ্ট কৰি দিয়াৰ পাছতো ৰকিবুল হুছেইনৰ দৰে কংগ্ৰেছী নেতাই ইয়াক লৈ ৰাইজক বিপথে পৰিচালিত কৰিব খোজাটো দুৰ্ভাগ্যজনক বুলি মুখ্য মুখপাত্ৰগৰাকীয়ে অভিহিত কৰে। আইনী প্রক্ৰিয়াৰ মাজেৰে বিদেশী বিতাড়ন কৰাৰ প্রক্ৰিয়াক সমালোচন৷ কৰিবলৈ গৈ ৰকিবুল হুছেইনৰ দৰে নেতাই পুনৰবাৰ বাংলাদেশীৰ ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হৈছে। কংগ্ৰেছৰ এনে জাতিধ্বংসী ভূমিকাক অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে আৰু সময়ত ইয়াৰ সমুচিত প্ৰত্যুত্তৰ দিব বুলিও বিবৃতিটোত বিজেপিয়ে স্পষ্ট কৰি দিয়ে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande