এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপঃ ২০০ মিটাৰ দৌৰত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি অনিমেশ কুজুৰৰ ব্ৰঞ্জৰ পদক লাভ
গুমি, ৩১ মে’ (হি.স.)। ভাৰতৰ যুৱ দৌৰবিদ অনিমেশ কুজুৰে শনিবাৰে এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ত পুৰুষৰ ২০০ মিটাৰ দৌৰ ২০.৩২ ছেকেণ্ডত সম্পূৰ্ণ কৰি ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। চলিত বৰ্ষৰ আৰম্ভণিতে ফেডাৰেচন কাপৰ সময়ত অনিমেশে ২০.৪০
য়ুৱ দৌৰবিদ অনিমেশ কুজুৰ


গুমি, ৩১ মে’ (হি.স.)। ভাৰতৰ যুৱ দৌৰবিদ অনিমেশ কুজুৰে শনিবাৰে এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ত পুৰুষৰ ২০০ মিটাৰ দৌৰ ২০.৩২ ছেকেণ্ডত সম্পূৰ্ণ কৰি ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে।

চলিত বৰ্ষৰ আৰম্ভণিতে ফেডাৰেচন কাপৰ সময়ত অনিমেশে ২০.৪০ ছেকেণ্ড সময় লৈ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল। এতিয়া সেই অভিলেখ আৰু অধিক উন্নত কৰি তেওঁ নতুন অভিলেখ গঢ়িছে। এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ ইতিহাসত পুৰুষৰ ২০০ মিটাৰ দৌৰত পদক অৰ্জন কৰা ভাৰতৰ হৈ মাত্ৰ দ্বিতীয়জন দৌৰবিদ হিচাপে পৰিগণিত হৈছে অনিমেশ কুজুৰ। ইয়াৰ পূৰ্বে ২০১৫ চনত এই ইভেণ্টত ভাৰতৰ হৈ পদক অৰ্জন কৰিছিল ধৰমবীৰ সিঙে।

ভাৰতৰ এতিয়ালৈকে ১৯টা পদক লাভ -

এই পদকৰ জৰিয়তে ভাৰতে এই চেম্পিয়নশ্বিপত এতিয়ালৈকে মুঠ ১৯টা পদক লাভ কৰিছে, য’ত আছে ৮টা সোণ, ৭টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক। পদক তালিকাত ভাৰত দ্বিতীয় স্থানত থকাৰ বিপৰীতে প্ৰথম স্থানত আছে চীন। অনিমেশ কুজুৰৰ এই প্ৰদৰ্শন ভাৰতীয় এথলেটিকছৰ ভৱিষ্যতৰ বাবে এক বৃহৎ লক্ষণ, আৰু তেওঁৰ সফলতাই দেশবাসীক গৌৰৱেৰে ভৰাই তুলিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande