আমেৰিকাৰ চীনৰ বিৰুদ্ধে চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন, বাণিজ্য যুদ্ধৰ আশংকা বৃদ্ধি
ৱাশ্বিংটন, ৩১ মে’ (হি.স.)। শেহতীয়াকৈ আমেৰিকাৰ সৈতে হোৱা বাণিজ্যিক চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পৰ এই চোকা সমালোচনাই যেন চুক্তিখনৰ স্থিতিশীলতাৰ ওপৰত ছাঁ পেলাইছে। লগতে বিশ্বৰ দুখন বৃহৎ অৰ্থনীতিৰ মাজত পুনৰ ব
अमेरिका के राष्ट्रपति डोनाल्ड ट्रंप। फोटो-फाइल


ৱাশ্বিংটন, ৩১ মে’ (হি.স.)। শেহতীয়াকৈ আমেৰিকাৰ সৈতে হোৱা বাণিজ্যিক চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পৰ এই চোকা সমালোচনাই যেন চুক্তিখনৰ স্থিতিশীলতাৰ ওপৰত ছাঁ পেলাইছে। লগতে বিশ্বৰ দুখন বৃহৎ অৰ্থনীতিৰ মাজত পুনৰ বাণিজ্য যুদ্ধ আৰম্ভ হোৱাৰ আশংকা বাঢ়িছে।

এবিচি নিউজে প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে পুৱা ছ’চিয়েল মিডিয়া চাইট ট্ৰুথত এটা পোষ্টত ট্ৰাম্পে কয় যে চীনে আমাৰ সৈতে কৰা চুক্তি সম্পূৰ্ণৰূপে উলংঘা কৰিছে। বৃহস্পতিবাৰে নিশা ফক্স নিউজৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পিছতে ট্ৰাম্পে এই মন্তব্য কৰে। সাক্ষাৎকাৰত তেওঁ আমেৰিকা-চীনৰ বাণিজ্যিক আলোচনাক লৈ হতাশা প্ৰকাশ কৰিছিল। বেছাণ্টে কৈছিল যে অহা সপ্তাহত ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে আলোচনা হ’ব পাৰে।

শুকুৰবাৰে পুৱা ট্ৰাম্প আৰু বেছাণ্টৰ এই মন্তব্যৰ পিছতে আমেৰিকাৰ ষ্টকৰ মূল্য সামান্য হ্ৰাস পায়। উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে আমেৰিকা আৰু চীনৰ মাজত হোৱা বাণিজ্য চুক্তিত দুয়োখন দেশে শুল্ক হ্ৰাস কৰিছিল। ইয়াৰ ফলত শ্বেয়াৰ বজাৰত উত্থান ঘটিছিল আৰু ৱাল ষ্ট্ৰীটত মন্দাৱস্থাৰ পূৰ্বাভাস কোমল হৈ পৰিছিল।

চীনৰ সামগ্ৰীৰ ওপৰত শুল্ক ১৪৫ শতাংশৰ পৰা ৩০ শতাংশলৈ হ্ৰাস কৰিবলৈ আমেৰিকাই সন্মতি প্ৰকাশ কৰাৰ বিপৰীতে চীনে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক ১২৫ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কোৱা হৈছিল যে হ্ৰাস কৰা শুল্ক ৯০ দিনলৈ প্ৰযোজ্য হৈ থাকিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande