- উচ্চ ন্যায়ালয়লৈ যোৱাৰ কথা ক'লে বিধায়কৰ অধিবক্তাই
মউ, ৩১ মে’ (হি.স.)। উত্তৰ প্ৰদেশৰ বিধায়ক আব্বাছ আনছাৰীক ঘৃণামূলক ভাষণৰ গোচৰত সাংসদ-বিধায়ক আদালতে দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড বিহা হৈছে। আনহাতে মনছুৰ আনছাৰীক ছমাহৰ কাৰাদণ্ড আৰু এক হাজাৰ টকা জৰিমনা বিহা হৈছে। শাস্তিৰ পিছত আব্বাছ আৰু মনছুৰক ২০ হাজাৰকৈ জামিন বণ্ডত জামিন মঞ্জুৰ কৰা হয়।
শনিবাৰে গোচৰৰ শুনানি গ্ৰহণ কৰি সাংসদ বিধায়ক আদালতৰ ন্যায়াধীশ ড০ কৃষ্ণ কুমাৰ সিঙে বিধায়ক আব্বাছ আনছাৰীক দুবছৰ আৰু মনছুৰ আলীক ৬ মাহৰ কাৰাদণ্ড বিহে। অভিযুক্ত বিধায়কগৰাকীৰ অধিবক্তা দাৰোগা সিঙে কয় যে শাস্তি ঘোষণা কৰাৰ পিছত আদালতে বিধায়ক আব্বাছ আৰু মনছুৰক ব্যক্তিগত বণ্ডত জামিন প্ৰদান কৰিছে। তেওঁ কয় যে ঘৃণামূলক ভাষণৰ লগতে আব্বাছ আনছাৰীৰ বিৰুদ্ধে বহু গুৰুতৰ ধাৰা আৰোপ কৰা হৈছে। দুবছৰৰ শাস্তি বিধানসভাৰ সদস্যপদ হেৰুওৱাৰ নিয়ম আছে যদিও এয়া চূড়ান্ত আদালত নহয়। আমি চেচন ক’ৰ্টলৈ গৈ তাত ষ্টে’ পাম। তেওঁৰ বিধানসভাৰ সদস্যপদ হেৰাই যাব নে নাই সেয়া আদালতৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব।
এই সন্দৰ্ভত যুটীয়া সঞ্চালক অভিযুক্ত চন্দ্ৰকেশ ৰায়ে কয় যে আব্বাছ আনছাৰীক আদালতে ২ বছৰৰ কাৰাদণ্ডৰ শাস্তি দিয়াৰ লগতে ১১ হাজাৰ টকাৰ জৰিমনাও আৰোপ কৰা হৈছে। তেওঁ কয় যে ১৫৩ এ আৰু ১৭১এফ ধাৰাত অভিযোগ আছে।
দৰাচলতে ২০২২ চনৰ বিধান সভা নিৰ্বাচনৰ সময়ত নগৰ কোটৱালি অঞ্চলৰ পাহাদপুৰা স্থানীয়তাত অনুষ্ঠিত হোৱা নিৰ্বাচনী ৰাজহুৱা সভাত আব্বাছে কৈছিল যে যেতিয়া তেওঁৰ চৰকাৰ আহিব তেতিয়া কেইমাহমানৰ বাবে কোনো বদলি-পোষ্টিং নহ’ব। প্ৰথমে সেই বিষয়াসকলৰ পৰা সম্পূৰ্ণ হিচাপ লোৱা হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে এছ আই গংগাৰাম বিন্দৰ এজাহাৰৰ ওপৰত গোচৰ ৰুজু কৰি সদৰৰ বিধায়ক আব্বাছ আনছাৰীকে ধৰি অন্যান্যসকলক অভিযুক্ত কৰে। ইয়াৰ পিছতে ভিডিঅ’ আৰু সকলো প্ৰমাণৰ আধাৰত আৰক্ষীয়ে গাজীপুৰ জিলাৰ পুৰণি আদালত ইউছুফপুৰ মহম্মদাবাদৰ বাসিন্দা আব্বাছ আৰু নিৰ্বাচনী এজেণ্ট মনছুৰ আনছাৰীৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰে।
উল্লেখযোগ্য যে সুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টিৰ টিকটত মৌ সদৰ আসনৰ পৰা নিৰ্বাচনত জয়ী হৈ প্ৰথমবাৰৰ বাবে বিধায়ক হয় আব্বাছ আনছাৰী। বৰ্তমান সুভাষা শাসকীয় ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ মিত্ৰ আৰু দলৰ সভাপতি ওম প্ৰকাশ ৰাজভৰ ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী। আব্বাছ আনছাৰীৰ পিতৃ বাহুবলী নেতা মুখতাৰ আনছাৰীয়েও দীৰ্ঘদিন ধৰি এই মৌ সদৰ বিধানসভা আসনখনক প্ৰতিনিধিত্ব কৰি আহিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া