ছিপাঝাৰৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত চোৰৰ তাণ্ডৱ
ছিপাঝাৰৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত চোৰৰ তাণ্ডৱ।
ছিপাঝাৰৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত চোৰৰ তাণ্ডৱ


দৰং, ০৩ মে’ (হি.স.): দৰং জিলাৰ ছিপাঝাৰৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত চোৰে তাণ্ডৱ চলায় । ছিপাঝাৰৰ গুৰুব্ৰহ্মা চিনিয়ৰ চেকেণ্ডেৰী স্কুলত যোৱা কালি শুকুৰাবৰে নিশা চোৰে তাণ্ডৱ চলায়। চোৰে নিশা বিদ্যালয়খন লণ্ড ভণ্ড কৰি লৈ যায় এ চিৰ কেবোল তাঁৰসমূহ।

চোৰে লণ্ড ভণ্ড কৰে বিদ্যালয়ৰ বহু নথি-পত্ৰ। বিদ্যালয় কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত উপস্থিত হয় ছিপাঝাৰ আৰক্ষী। আনহাতে চুৰি কাৰ্যৰ বিৰুদ্ধে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande