কামৰূপ, ০১ মে’ (হি.স.)। কামৰূপ জিলাৰ হাজোৰ সীমান্তৱৰ্তী মুকালমুৱাৰ চুঙৰবড়ীত এক হত্যা কাণ্ড সংঘটিত হৈছে । নিজ ভাতৃয়ে হানিখুছি হত্যা কৰিলে বিক্ৰম বড়ো (২৮)নামৰ লোক জনক।
নিজ ভাতূ ৰিতু বড়োয়ে কুছিয়াহানা সোলিৰে ককায়েক বিক্ৰম বড়ো নামৰ লোকজনক হানি খুছি হত্যা কৰাৰ অভিযোগ উঠিছে। ঘটনাস্থলিত মুকালমুৱা আৰক্ষী উপস্থিত হৈ ৰিতু বড়োক আটক কৰে। আৰক্ষীয়ে এই হত্যা কাণ্ডৰ তদন্ত আৰম্ভ কৰিছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা