গহপুৰত নিশা সংঘটিত গৰু চুৰি কাণ্ড
বিশ্বনাথ, ০১ মে’ (হি.স.)। বিশ্বনাথ জিলাৰ গহপুৰত নিশা সংঘটিত হয় গৰু চুৰিৰ ঘটনা। গহপুৰ থানাৰ অন্তৰ্গত সোনালীবড়ীৰ নৰেশ্বৰ হাজৰিকাৰ গোহালীৰ পৰা এহাল বলধ গৰু চুৰে লৈ যায়। লগতে ওচৰৰে অন্য এঘৰৰ পৰা এটা দমৰা গৰুও চোৰে লৈ যায়। নিশা ১২ বজাৰ পিছত চুৰিকাণ্
গহপুৰত নিশা সংঘটিত গৰু চুৰি কাণ্ড


বিশ্বনাথ, ০১ মে’ (হি.স.)। বিশ্বনাথ জিলাৰ গহপুৰত নিশা সংঘটিত হয় গৰু চুৰিৰ ঘটনা। গহপুৰ থানাৰ অন্তৰ্গত সোনালীবড়ীৰ নৰেশ্বৰ হাজৰিকাৰ গোহালীৰ পৰা এহাল বলধ গৰু চুৰে লৈ যায়। লগতে ওচৰৰে অন্য এঘৰৰ পৰা এটা দমৰা গৰুও চোৰে লৈ যায়।

নিশা ১২ বজাৰ পিছত চুৰিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে গৃহস্থৰ লোকে। গৰু হালৰ আনুমানিক মূল্য ৮৫-৯০ হাজাৰ টকা হ'ব বুলি গৃহস্থ‌ই জানিব দিয়ে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande