টেল আভিভ/গাজা, ২০ মে’ (হি.স.)। প্ৰায় তিনিমাহ ধৰি অৱৰোধৰ অন্তত সোমবাৰে প্ৰথমবাৰৰ বাবে সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া পাঁচখন ট্ৰাকে গাজা পট্টীত উপস্থিত হয়। এই সাহায্যৰ ভিতৰত আছিল শিশুৰ খাদ্যকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী। তথ্য অনুসৰি এই ট্ৰাকসমূহে ইজৰাইল আৰু ৰাষ্ট্ৰসংঘৰ অনুমোদন লাভ কৰি কেৰেম শ্বালম সীমান্ত চকীৰে গাজাত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল।
ইজৰাইলৰ প্ৰতিৰক্ষা সমন্বয় সংস্থা (চিওজিএটি)ই কয় যে এই যোগান গাজাত আবদ্ধ ২০ লাখতকৈ অধিক পেলেষ্টাইনীসকলৰ বাবে সকাহৰ ৰশ্মি। কিন্তু ৰাষ্ট্ৰসংঘই স্পষ্ট কৰি দিছে যে পৰিস্থিতি অত্যন্ত ভয়াৱহ আৰু ইমান কম পৰিমাণৰ সহায় সাগৰত এক টোপালৰ দৰে।
'গাজা অনাহাৰৰ সীমাত'
ৰাষ্ট্ৰসংঘৰ মানৱীয় সাহায্যৰ মুৰব্বী টম ফ্লেচাৰে কয় যে গাজাৰ পৰিস্থিতি ইমানেই ভয়াৱহ যে কেইখনমান ট্ৰাকে বিশেষ পাৰ্থক্য আনিব নোৱাৰে। অনাহাৰৰ সম্ভাৱনা আছে আৰু স্থল পৰিস্থিতি অত্যন্ত অস্থিৰ।
চিওজিএটিৰ তথ্য অনুসৰি মঙলবাৰে ৰাষ্ট্ৰসংঘৰ আৰু চাৰিখন ট্ৰাক প্ৰৱেশৰ অনুমতি দিয়া হৈছে। কিন্তু ইয়াৰ পূৰ্বে যুদ্ধবিৰতিৰ সময়ত প্ৰতিদিনে প্ৰায় ৬০০খন ট্ৰাকে গাজাত প্ৰৱেশ কৰিছিল।
ৰাষ্ট্ৰসংঘই কয় যে স্থল পৰিস্থিতি ইমানেই বিশৃংখল আৰু অসুৰক্ষিত যে সাহায্য সামগ্ৰী লুটপাত কৰিব পৰা যায়। ফ্লেচাৰে ইজৰাইলক গাজাৰ উত্তৰ আৰু দক্ষিণ অঞ্চলত কেইবাটাও সাহায্য পথ মুকলি কৰিবলৈ আহ্বান জনাইছে, যাতে নিয়মিত আৰু নিৰাপদে সাহায্য প্ৰদান কৰিব পৰা যায়।
ইজৰাইলৰ পুনৰ সামৰিক অভিযান আৰম্ভ
এই সাহায্য বিতৰণৰ মাজতে ইজৰাইলে গাজাত নতুনকৈ স্থল আৰু বিমান আক্ৰমণ আৰম্ভ কৰিছে। গাজাৰ দ্বিতীয় বৃহত্তম চহৰ খান ইউনুছক খালী কৰাৰ নিৰ্দেশ দিছে সেনাই। ইয়াৰ পূৰ্বে এই চহৰখনত বৃহৎ পৰিসৰৰ সামৰিক কাৰ্য্য সংঘটিত হৈছিল, যাৰ বাবে সমগ্ৰ অঞ্চলটো ধ্বংসাৱশেষলৈ পৰিণত হৈছিল।
প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে ইজৰাইলৰ লক্ষ্য হৈছে সমগ্ৰ গাজাৰ ওপৰত নিয়ন্ত্ৰণ স্থাপন আৰু সাহায্য বিতৰণ ব্যৱস্থা গঢ়ি তোলা, য’ত হামাছৰ কোনো ভূমিকা নাই। তেওঁ লগতে কয় যে ইজৰাইলে গাজাৰ বৃহৎ জনসংখ্যাক আন দেশলৈ ‘স্বেচ্ছাই প্ৰব্ৰজন’ কৰিবলৈ উৎসাহিত কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া