ধুবুৰী, ১৯ মে (হি.স.)। ধুবুৰী চহৰত বিশাল ত্ৰিৰংগা যাত্ৰা উলিওৱা হৈছে ৷ ত্ৰিৰংগা যাত্ৰাত ১৩০ মিটাৰ দীঘল এখন ত্ৰিৰংগা আৰু ২০০০ খন ত্ৰিৰংগা হাতে হাতে লৈ এটা বিশাল ৰেলী উলিওৱা হয় । অপাৰেশ্বন চিণ্ডুৰ’ত সফলতাৰ বাবে ভাৰতীয় সৈন্যবল আৰু দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নির্ণায়ক নেতৃত্বক ধন্যবাদ জ্ঞাপনার্থে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে নাগৰিক সমাজ ধুবুৰী জিলাৰ উদ্যোগত ধুবুৰী চহৰত ত্রিৰংগা যাত্রা বাহিৰ কৰা হয়।
অপাৰেশ্বন চিণ্ডুৰ’ত সফলতাৰ বাবে দেশৰ বিভিন্ন স্থানৰ লগতে ধুবুৰীতো এই যাত্ৰা বাহিৰ কৰা হয় আৰু এই যাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে। আজি ধুবুৰী চহৰৰ তেতুল তলাৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা চহৰখনৰ বিভিন্ন অঞ্চল অতিক্ৰমী পুনৰ তেতুল তলাত আহি সম্পন্ন হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ