হোজাই, ১৯ মে (হি.স.)। লামডিঙৰ একমাত্ৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ল্যাটিনাম জয়ন্তী উপলক্ষে বিশাল অনুষ্ঠানৰ আয়োজন। আজিৰে পৰা লামডিঙৰ একমাত্র চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ন্যাচনেল হায়াৰ ছেকেণ্ডৰী স্কুলত ৭৫ তম পূর্তি উপলক্ষে আজি বিশাল শোভাযাত্রাত অংশ লয় বিদ্যালয়ৰ প্রাক্তন তথা বর্তমানৰ ছাত্র ছাত্রী সহ লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই ।
আজিৰ অনুষ্ঠানত বিদ্যালয়ৰ প্ৰয়াত শিক্ষা গুৰু সকলৰ প্রতিকৃতিত মাল্যদান কৰাৰ লগতে ১৯ মে উপলক্ষে ভাষা শ্বহীদ সকলৰ প্রতি শ্রদ্ধা জনায় উদ্যোক্তা সকলে । আনফালে আজিৰ এই শুভ দিনত বিদ্যালয়ৰ প্রাঙ্গণত ইশ্বৰ চন্দ্র বিদ্যা সাগৰৰ মূর্তি উন্মোচন কৰে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাসাই। উল্লেখ যে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই এইখন বিদ্যালয়ৰেই প্রাক্তন ছাত্র আছিল । সেইবাবে আজি বাল্যবন্ধু সকলৰ অন্তৰংগত আত্মহাৰা হৈ পৰিছে প্ৰাক্তন শিক্ষাৰ্থী সকল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ