পাকিস্তানৰ বেলুচিস্তানত গাড়ী বোমা বিস্ফোৰণ, চাৰিজন নিহত, ২০ জন আহত
কুৱেটা, ১৯ মে’ (হি.স.)। পাকিস্তানৰ অশান্ত বেলুচিস্তান প্ৰদেশৰ কিলা আব্দুল্লাৰ এফ চি ফ’ৰ্ট (কিলা আব্দুল্লা)ৰ সমীপত কালি গাড়ী বোমা বিস্ফোৰণত কমেও চাৰিজন লোক নিহত হোৱাৰ লগতে ২০ জন আহত হয়। কিলা আব্দুল্লাৰ পিছফালৰ দেৱালৰ গাতে লাগি থকা জব্বাৰ মাৰ্কেটৰ সম
4e075844d2e00e4c800c8c62716bed8c_1926111228.jpg


কুৱেটা, ১৯ মে’ (হি.স.)। পাকিস্তানৰ অশান্ত বেলুচিস্তান প্ৰদেশৰ কিলা আব্দুল্লাৰ এফ চি ফ’ৰ্ট (কিলা আব্দুল্লা)ৰ সমীপত কালি গাড়ী বোমা বিস্ফোৰণত কমেও চাৰিজন লোক নিহত হোৱাৰ লগতে ২০ জন আহত হয়। কিলা আব্দুল্লাৰ পিছফালৰ দেৱালৰ গাতে লাগি থকা জব্বাৰ মাৰ্কেটৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণ।

পাকিস্তানৰ বাতৰি কাকত দ্য নেচনে প্ৰকাশ কৰা অনুসৰি এই বিস্ফোৰণত কমেও চাৰিজন লোক নিহত হোৱাৰ লগতে ২০ জন লোক আহত হৈছে। আহতসকলক চিকিৎসাৰ বাবে বিভিন্ন চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁ কয় যে এই শক্তিশালী বিস্ফোৰণত কেইবাখনো বাহন আৰু দোকানো ধ্বংস হৈছে। আপাত দৃষ্টিত সন্ত্ৰাসবাদীয়ে এফ চি ফ’ৰ্টৰ দেৱালক লক্ষ্য কৰি ল’ব বিচাৰিছিল।

বিস্ফোৰণৰ লগে লগে অঞ্চলটোত প্ৰচণ্ড গুলীচালনা আৰম্ভ হয়। কিল্লাৰ উপ আয়ুক্ত আব্দুল্লাই বিস্ফোৰণ নিশ্চিত কৰি কয় যে এফ চি কেম্পৰ ওচৰৰ এখন ব্যস্ত বজাৰত ৰখাই থোৱা এখন গাড়ীত বোমাটো স্থাপন কৰা হৈছিল। ৰিয়াজ খানৰ মতে, এই বিস্ফোৰণত এফ চি আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ লোকৰ মাজত কোনো লোক হতাহতি হোৱা নাই। তেওঁ কয় যে অঞ্চলটোত স্বাস্থ্যসেৱাৰ সুবিধাৰ অভাৱৰ বাবে আহতসকলৰ কিছুমানক কুৱেটালৈ স্থানান্তৰ কৰা হৈছে।

বিস্ফোৰণৰ সময়ত জনজাতীয় নেতা হাজী ফৈজুল্লাহ খান গাবিজাইও তেওঁৰ কাৰ্যালয়ত উপস্থিত আছিল। আহতসকলৰ ভিতৰত আছে জনজাতীয় নেতা, তেওঁৰ নিৰাপত্তাৰক্ষী আৰু এজন পথচাৰী। বিস্ফোৰণৰ পিছতে আইন প্ৰয়োগকাৰী সংস্থাৰ বৃহৎ দলে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তালাচী আৰু নিষ্কাশন অভিযান আৰম্ভ কৰে।

এক সুকীয়া ঘটনাত অচিনাক্ত বন্দুকধাৰীয়ে গ্ৰেনেডেৰে এফ চি কিলা গুলিস্তান চেকপোষ্টত আক্ৰমণ কৰে। ততাতৈয়াকৈ প্ৰতিশোধ লোৱাৰ লগতে প্ৰতিশোধমূলক গুলীত দুজন সন্ত্ৰাসবাদীক হত্যা কৰে এফ চিৰ জোৱানে। এফ চি বেলুচিস্তানৰ মুখপাত্ৰৰ মতে কিছুদিন ধৰি উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ মাজত গুলীচালনা চলি আছিল।

এফ চি কিলা গুলিস্তান চেকপোষ্টৰ আশে-পাশে থকা পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ লগতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিবলৈ অঞ্চলটোত সম্পূৰ্ণ সতৰ্কতা অৱলম্বন কৰা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে। ২০২১ চনত আফগানিস্তানলৈ তালিবান শাসকসকল ঘূৰি অহাৰ পিছত পাকিস্তানত সন্ত্ৰাসবাদী কাণ্ড বৃদ্ধি পাইছে। সেই ৰক্তপাতৰ অধিকাংশই সীমান্তৱৰ্তী প্ৰদেশ খাইবাৰ পখতুনখোৱা আৰু বেলুচিস্তানত সংঘটিত হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande