বঙাইগাঁও, ১৯ মে (হি.স.)। বঙাইগাঁও চহৰৰ মাজমজিয়াত ভয়ংকৰ ঘটনা।শৰীৰত ৰাসায়নিক দ্ৰব্য চতিয়াই লুটিলে বৃহৎ পৰিমাণৰ ধন।কিছু সময় পূৰ্বে বঙাইগাঁও চহৰৰ মাজমজিয়াত থকা কনাড়া বেংকৰ সন্মুখৰ পৰা অধিবক্তা মইনুল হক অকণ্ড নামৰ এজন ব্যক্তিৰ পৰা ৫ লাখ টকা ভৰ্তি টকাৰ বেগ কাঢ়ি পলায়ন কৰে চোৰ দলে।
শৰীৰত মেডিচিন জাতীয় বস্তু ব্যবহাৰ কৰি লুট চলোৱাৰ অভিযোগ। ইতিমধ্যে ঘটনাস্থলী উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ