ব্ৰাজিল ফুটবল দলৰ নতুন প্ৰশিক্ষক নিযুক্ত কাৰ্লো এন্সেল’টি, মে’ মাহৰ শেষৰ ফালে এৰিব ৰিয়েল মাদ্রিদ
নতুন দিল্লী, ১৩ মে’ (হি.স.)। ইটালীৰ কিংবদন্তি ফুটবল মেনেজাৰ কাৰ্লো এঞ্চেল’টিয়ে এতিয়া ব্ৰাজিলৰ পুৰুষৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ দায়িত্ব ল’ব। সোমবাৰে এই কথা ঘোষণা কৰে ব্ৰাজিলিয়ান ফুটবল এছ’চিয়েশ্যনে চমুকৈ চিবিএফে। চলিত ছিজনৰ শেষত ৰিয়েল মাদ্রিদ এৰিবি আৰ
ব্ৰাজিল ফুটবল দলৰ নতুন প্ৰশিক্ষক নিযুক্ত কাৰ্লো এন্সেল’টি


নতুন দিল্লী, ১৩ মে’ (হি.স.)। ইটালীৰ কিংবদন্তি ফুটবল মেনেজাৰ কাৰ্লো এঞ্চেল’টিয়ে এতিয়া ব্ৰাজিলৰ পুৰুষৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ দায়িত্ব ল’ব। সোমবাৰে এই কথা ঘোষণা কৰে ব্ৰাজিলিয়ান ফুটবল এছ’চিয়েশ্যনে চমুকৈ চিবিএফে। চলিত ছিজনৰ শেষত ৰিয়েল মাদ্রিদ এৰিবি আৰু এন্সেল’টিয়ে জুন মাহৰ পৰা ব্ৰাজিলৰ প্রশিক্ষকৰ দায়িত্ব ল’ব ৷

ব্ৰাজিল ফুটবল এছ’চিয়েশ্যনে নিশ্চিত কৰিছে

চিবিএফৰ সভাপতি এডনাল্ডো ৰড্ৰিগেছে এক বিবৃতিত কয় যে কাৰ্লো এন্সেল’টিক ব্ৰাজিললৈ অনাটো কেৱল কৌশলগত পদক্ষেপ নহয়, বৰঞ্চ ই বিশ্বক দেখুৱাবলৈ কৰা ঘোষণা যে আমি পুনৰ শীৰ্ষলৈ ঘূৰি আহিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

তেওঁ কয়, তেওঁ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ প্ৰশিক্ষক আৰু এতিয়া তেওঁ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰীয় দলৰ নেতৃত্ব দিব। আমি একেলগে ব্ৰাজিলৰ ফুটবলৰ আন এক সোণালী অধ্যায় লিখিম।

যোৱা ছিজনত ৰিয়েল মাদ্রিদত উজ্জ্বল কিন্তু ট্ৰফীবিহীন -

ৰিয়েল মাদ্রিদৰ সফল মেনেজাৰ হিচাপে পৰিগণিত হৈছে এন্সেল’টী ৷ তেওঁৰ নেতৃত্বত ক্লাবটোৱে এতিয়ালৈকে ১৫টা খিতাপ দখল কৰিছে যদিও ২০২৪-২৫ বৰ্ষৰ ছিজনটো কোনো ট্ৰফী নোহোৱাকৈয়ে শেষ কৰিব।

ব্ৰাজিলত প্ৰথম দায়িত্ব হ’ব বিশ্বকাপৰ কোৱালিফায়াৰ

ব্ৰাজিলৰ প্ৰথমজন বিদেশী প্ৰশিক্ষক হিচাপে পৰিগণিত হ’ব এন্সেল’টি। মাৰ্চ মাহত আৰ্জেণ্টিনাৰ হাতত ৪-১ গ’লত পৰাস্ত হোৱাৰ পিছত বৰ্খাস্ত হোৱা ড’ৰিভাল জুনিয়ৰৰ ঠাইত তেওঁ স্থলাভিষিক্ত হ’ব। অহা মাহত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ কোৱালিফায়াৰত ইকুৱেডৰ আৰু পেৰাগুৱেৰ বিৰুদ্ধে খেল এন্সেল’টিৰ প্ৰথম প্ৰত্যাহ্বান হ’ব।

বিপদত ব্ৰাজিল, নেইমাৰৰ ফৰ্ম চিন্তাৰ বিষয়

বৰ্তমান ব্ৰাজিলে ১৪খন খেলৰ অন্তত বিশ্বকাপৰ কোৱালিফাইঙিত চতুৰ্থ স্থানত আছে। ২০২৩ চনত এচিএলত আঘাত পোৱাৰ পিছত দলটোৰ তাৰকা খেলুৱৈ নেইমাৰে এতিয়াও ফৰ্মলৈ ঘূৰি অহা নাই। অৱশ্যে দক্ষিণ আমেৰিকাৰ শীৰ্ষ ছটা দলে ২০২৬ চনৰ বিশ্বকাপৰ বাবে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিব।

এন্সেল’টিৰ নিযুক্তিৰ লগে লগে ব্ৰাজিলে পুনৰবাৰ বিশ্ব ফুটবলত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰাৰ সম্ভাৱনা আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande