কমলপুৰ বৰডাঙ্গেৰীকুছি গাঁও পঞ্চায়তৰ ২নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী দীপশিখা দাসৰ বিজয়
কামৰূপ, ১২ মে (হি.স.)। সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল অনুসৰি কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰডাঙ্গেৰীকুছি গাঁও পঞ্চায়তৰ ২নং ৱাৰ্ডৰ একমাত্ৰ মহিলা নিৰ্দলীয় প্ৰাৰ্থী দীপশিখা দাসে দুই প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক হৰুৱাই শেষ হাঁহি মাৰিবলৈ সক্ষম হয়।

নিৰ্বাচনত জয়ী হোৱাৰ পিছতে দীপশিখা দাসে সমৰ্থক তথা ভোটাৰ ৰাইজক ধন্যবাদ জনায় আৰু ৱাৰ্ডটোৰ অন্তৰ্গত ৰাইজৰ সমস্যা সমূহ অতি শীঘ্ৰে সমাধান কৰিবলৈ চেষ্টা কৰিব বুলি মন্তব্য কৰে। আনহাতে বৰডাঙ্গেৰীকুছি পঞ্চায়তৰ সভানেত্ৰী পদটোৰ দাবীদাৰ নহয় যদিও পদটো যাচিলে সানন্দে গ্ৰহণ কৰিব বুলি দীপশিখা দাসে উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

 rajesh pande