গুৱাহাটী, ১২ মে' (হি.স.)। অগ্ৰগামী অসমৰ বৰ্ণিল বিকাশ যাত্ৰাৰ প্ৰতি অসমৰ জনতাৰ পূৰ্ণ সমৰ্থনৰে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে এক ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। এই বিজয় বিকাশৰ। এই বিজয় উন্নয়নৰ বুলি মন্তব্য কৰি অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়াই কয় যে অসমবাসীয়ে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অনিৰুদ্ধ প্ৰগতিৰ যাত্ৰাক ত্বৰান্বিত কৰিবলৈ ভোটদান কৰিলে। পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ বিজয়ী প্ৰাৰ্থী সকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই সভাপতি শইকীয়াই এই অভূতপূৰ্ব বিশাল বিজয়ৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ প্ৰায় ১ কোটি ৮১ লাখ ভোটাৰ ৰাইজকো ধন্যবাদ জ্ঞাপন কৰে।
শক্তিশালী পঞ্চায়তীৰাজ আৰু সমৃদ্ধিশালী অসম গঢ়াত বিজয়ী প্ৰতিনিধি সকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও সভাপতি শইকীয়াই আশা প্ৰকাশ কৰে। এখন আত্মনিৰ্ভৰ আৰু স্বাভিমানী অসম গঢ়াত সহায়ক হোৱাকৈ পূৰ্বতকৈ অধিক দায়িত্বশীলতাৰে, দক্ষতাৰে আৰু সৰ্বজনক স্পৰ্শ কৰাৰ নীতিৰে সকলো নিৰ্বাচিত প্ৰতিনিধিকে কাম কৰি যাবলৈ শইকীয়াই আহ্বান জনায়।
বিবৃতিটোত অসম প্ৰদেশৰ সভাপতিজনে পঞ্চায়ত নিৰ্বাচনত জনতাৰ এই ৰায়দানক এক পৰিপক্ক ৰায় বুলিও অভিহিত কৰে। জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰায় ৮০ শতাংশতকৈ অধিক আসনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰোৱাই বিৰোধীশূন্য পঞ্চায়ত গঠন কৰাটোও তাতপৰ্যপূৰ্ণ দিশ বুলি মন্তব্য কৰে। মূলত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ গ্ৰামাঞ্চলৰ সামগ্ৰিক বিকাশ, সমাজৰ শেষৰজন ব্যক্তিৰ কল্যাণ, বাটপথ, নলা নৰ্দমা, দলং, শিক্ষা স্বাস্থ্যকে ধৰি সকলো খণ্ডৰ উন্নয়ন, আন্তগাথনিৰ বিকাশ, মহিলা, যুৱক, কৃষক বা ছাত্ৰ ছাত্ৰীক সকাহ দিব পৰা নীতিৰ বাবেই আজি জনতাই ভাৰতীয় জনতা পাৰ্টিক পঞ্চায়তত পুনৰ অধিষ্ঠিত কৰিছে। লগতে কংগ্ৰেছৰ তুষ্টিকৰণ নীতিৰ বিপৰীতে বিজেপি চৰকাৰৰ সন্তুষ্টিকৰণৰ নীতিয়ে সকলোকে আকৰ্ষণ কৰিছে বুলিও সভাপতি শইকীয়াই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
অসম প্ৰদেশ বিজেপিৰ সভাপতিজনে কয় যে পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে সংকল্প পত্ৰৰ জৰিয়তে ৰাইজক দিয়া প্রতিশ্ৰুতি আখৰে আখৰে ৰূপায়ণ কৰি যাব। এই সুযোগতে তেখেতে এই বৃহৎ বিজয়ৰ বাবে অসমৰ প্রতি থকা ভালপোৱা আৰু আন্তৰিকতাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোড়ী, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জনোৱাৰ লগতে পঞ্চায়ত নিৰ্বাচনত সন্মুখৰ পৰা নেতৃত্ব দিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো বিশেষভাৱে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।
অসম প্রদেশ বিজেপিৰ জেষ্ঠ্য-কনিষ্ঠ সকলো কাৰ্যকৰ্তাৰ লগতে মিত্ৰজোঁটৰ নেতৃবৰ্গকো আন্তৰিক ধন্যবাদ জনায় সভাপতি শইকীয়াই। সফলতা প্ৰাপ্তিৰ পিছতো অতি বিনদ্ৰতাৰে গাৱঁৰ ৰাইজৰ হকে নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই যাবলৈ সভাপতি দিলীপ শইকীয়াই সকলো নিৰ্বাচিত প্রতিনিধিক আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী